Middle east war:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:শৰীৰ ক্ষত-বিক্ষত, মেৰুদণ্ড আৰু হাত ভাঙি প্রায় গুড়ি হৈছে, চৌদিশে কেৱল মৃত্যুভয় আৰু মূৰৰ ওপৰত শত্রুদেশৰ সেনাৰ কঠোৰ দৃষ্টি। এনে চৰম প্ৰতিকূল পৰিস্থিতিতো হাৰ নমনা এক অদম্য মানসিকতাৰ অবিশ্বাস্য কাহিনী সম্প্রতি পোহৰলৈ আহিছে। ইৰানৰ ভূখণ্ডত যুদ্ধবিমান ধ্বংস হোৱাৰ পাছত ভঙা হাড়কে সমল কৰি প্ৰায় সাত হেজাৰ ফুট পাহাৰীয়া পথ অতিক্রম কৰি প্ৰায় অলৌকিকভাৱে নিজৰ প্ৰাণৰক্ষা কৰিলে এজন আমেৰিকান সেনা বিষয়াই। একেৰাহে ৫০ ঘণ্টাৰো অধিক সময় ধৰি চলা এই অলৌকিক জীৱন ৰক্ষাৰ সংগ্ৰামে হয়তো যিকোনো হলিউদী থ্রিলাৰ ছবিৰ কাহিনীকো চেৰ পেলাব।
সম্প্রতি প্রায় সুস্থ হৈ উঠা সেনা বিষয়াজনে সদৰী কৰিছে তেওঁৰ এই অভাৱনীয় সংগ্ৰামৰ কথা। যোৱা এপ্ৰিলত ইৰানৰ ইছফাহানৰ সমীপত ড্র’ন আৰু ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ এটা কাৰখানাত অভিযানৰ সময়ত আমেৰিকান বিমানবাহিনীৰ এখন এফ-১৫ই স্ট্রাইক ঈগল যুদ্ধবিমান কান্ধত লৈ এৰা ক্ষেপণাস্ত্ৰৰ আঘাতত ধ্বংস হয়। বিমানত থকা দুই বিষয়াৰ ভিতৰত পাইলট ‘কল ছাইন আলফা’ই পেৰাছুট লৈ নিৰাপদে নামি কিছুসময়ৰ ভিতৰতে উদ্ধাৰ পায়।
বিপৰীতে, বিপত্তি ঘটে বিমানৰ ৱেপন্স ছিষ্টেমছ অফিচাৰৰ, যাক নিৰাপত্তাৰ স্বাৰ্থত ‘ডুড ৪৪ ব্রেভো’ বুলি চিহ্নিত কৰা হৈছে। তেওঁৰ পেৰাছুট ক্ষেপণাস্ত্ৰৰ আঘাতত ক্ষতিগ্রস্ত হৈছিল। ওপৰৰ পৰা তেওঁ দেখিলে যে পেৰাছুটটো ভালদৰে খোল খোৱা নাই। প্রায় ১৬০ কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগত তেওঁ আহি শিলাময় মাটিত আছাৰ খাই পৰে। এইদৰে বহু ওপৰৰ পৰা পৰাৰ পাছত এজন লোক জীৱিত থকাৰ কথা কল্পনাই কৰিব নোৱাৰি; কিন্তু ‘ডুড ৪৪ ব্রেভো’ৰ ক্ষেত্রত দেখা গ’ল ভিন্ন ছবি। চিকিৎসকৰ মতে, এই ভয়াৱহ পতনত তেওঁৰ পিঠিৰ হাড় বা মেৰুদণ্ড, কান্ধ আৰু হাত ভাঙি চূৰমাৰ হয়। লগতে মুখতো গভীৰ ক্ষতৰ সৃষ্টি হয়।
কিছু সময়ৰ পাছত যেতিয়া জ্ঞান ঘূৰি আহিল, তেতিয়া তেওঁ বুজিব পাৰিলে যে সেই বিমান ভূপতিত হোৱা স্থানতে পৰি থাকিলে নির্ঘাত মৃত্যু বা ইৰানী সেনাৰ হাতত বন্দী হ’ব লাগিব। পাইলটৰ পৰা প্ৰায় পাঁচ মাইল দূৰৰ মৰুভূমিৰে ঘেৰা এক গিৰিখাতত তেওঁ অকলে পৰি আছিল। প্রচণ্ড শাৰীৰিক যন্ত্রণা সত্ত্বেও মার্কিন সেনা বিষয়াজনে সিদ্ধান্ত লয় যে যিকোনো মূল্যতে তেওঁ ওখ স্থানত উপস্থিত হ’ব লাগিব। ভঙা শৰীৰটোক টানি-আঁজুৰি তেওঁ থিয় শিলৰ দেৱাল বগাই উঠিবলৈ আৰম্ভ কৰে প্ৰায় সাত হেজাৰ ফুট ওখ পাহাৰৰ শৈলচূড়ালৈ।
সম্প্রতি এক সাক্ষাৎকাৰত ব্ৰেভোৱে কয়, ‘নিজৰ মনৰ জোৰহেৰুৱাই ইৰানী টেলিভিছনৰ পৰ্দাত যুদ্ধবন্দীৰূপে মুখ দেখুৱাব বিচৰা নাছিলো, সেই ইচ্ছাটোৱেই মোক আগুৱাই যোৱাত শক্তি যোগাইছিল।’
সেই পাহাৰত দুটা দিন আৰু নিশা তেওঁৰ বাবে দুঃস্বপ্নৰ দৰে আছিল। খাদ্য বা পানীৰ কোনো ব্যৱস্থা নাছিল, আছিল কেৱল হাড় কঁপোৱা ঠাণ্ডা বতাহ। তলত সশস্ত্র ইৰানী সেনা আৰু স্থানীয় সশস্ত্র সংগঠনৰ সদস্যসকলে তেওঁক বিচাৰি ফুৰিছিল, আনকি একাধিকবাৰ তেওঁলাকে সেনা বিষয়াজনে লুকাই থকা স্থানৰ কেইশ মিটাৰ্মান দূৰত্বতো উপস্থিত হৈছিল। ইয়াৰ মাজতে তেওঁ অত্যন্ত সতর্কতাৰে নিশাৰ অন্ধকাৰত মার্কিন কন্ট্রোললৈ এটা সৰু বাৰ্তা প্ৰেৰণ কৰে- ‘আই এম হার্ট, আই এম মুভিং’ (মই আহত, কিন্তু আগুৱাই গৈ আছো) আৰু ‘গড ইজ গুড’।
অৱশেষত চিআইএ আৰু মার্কিন স্পেচিয়েল ফ’ৰ্চৰ সমন্বয়ত আৰম্ভ হয় সাম্প্রতিক ইতিহাসৰ অন্যতম বৃহৎ উদ্ধাৰ অভিযান। বিগত ৪৬ বছৰত প্ৰথমবাৰলৈ প্রায় ৯২জন মার্কিন কমাণ্ডোৱে পোনপটীয়াকৈ ইৰানৰ মাটিত ভৰি ৰাখে। মার্কিন বোমাৰু বিমান আৰু ড্ৰ’নৰ জৰিয়তে চাৰিওকাষৰ ৰাস্তা পৰিষ্কাৰ কৰি অৱশেষত বিশেষ পেৰা-ৰেছকিউ দলে সেই সাত হেজাৰ ফুট ওখ পাহাৰত উপস্থিত হৈ প্রায় ৫০ ঘণ্টাৰ পাছত অতি গুৰুতৰভাৱে আহত অৱস্থাত ব্ৰেভোক উদ্ধাৰ কৰে। দীর্ঘ সংগ্ৰামৰ অন্তত জীৱন্ত অৱস্থাত ঘূৰি আহি ব্রেভোৱে জনায় যে জীৱিত অৱস্থাত উভতি অহাটো এক আধুনিক অলৌকিক ঘটনা হ’লেও মার্কিন বাহিনীৰ ‘কাকো পথাৰত পেলাই নহাৰ প্ৰতিশ্রুতি আৰু সম্মিলিত সংগ্ৰামৰ বাবেই তেওঁ নতুন জীৱন লাভ কৰিছে।
ADVERTISEMENT































