লুইত নগৰ উন্নয়ণ সমিতিৰ উদ্যোগত লুইত নগৰ বিহু বাকৰিত মহামাৰী ক’ভিড-১৯ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মুখত মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বৰ্তাই ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় | উন্নয়ণ সমিতিৰ সভাপতি নৰেন ৰয়ে আঁত ধৰা অনুষ্ঠানতটোত জাতীয় পতাকা উত্তোলন কৰে উন্নয়ণ সমিতিৰ উপদেষ্টা হৰকান্ত ডেকাই | বক্তব্য ৰাখে ক্ৰমে হৰকীন্ত ডেকা আৰু লুইত নগৰ মহিলা আৰু শিশু কল্যান সমিতিৰ উপদেষ্টা মঞ্জু বৰা বণিয়াই ।
লগতে উপস্থিত থাকে ক্ৰমে সমিতিৰ উপদেষ্টা খগেন বণিয়া, অক্ষয় কুমাৰ শৰ্মা, বিষয়ববীয়া লাচিত কুমাৰ ডেকা, দেবেন্দ্ৰ পাটগিৰি, কুমুদ হাজৰিকা, ভূপেন দাস, সম্পাদক মৃগেন দত্তকে ধৰি উপদেষ্টা প্ৰসন্ন ডেকা, মহিলা সমিতিৰ সভানেত্ৰী প্ৰতিমা দাসকে ধৰি বহু কেইগৰাকী পুৰুষ মহিলা আৰু যুৱসমাজ বিকাশ কেন্দ্ৰৰ বিষয়ববীয়া আৰু সদস্যসকল ।






























