নেতৃত্বতৰ পৰিৱৰ্তন বিচাৰি কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীলৈ চিঠি লিখিলে দলৰে ২৩ জনকৈ জ্যেষ্ঠ নেতাই । চিঠি লিখাসকলৰ ভিতৰত পাঁচজন প্ৰাক্তন মুখ্যমন্ত্ৰী, কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক কমিটিৰ সদস্য, সাংসদ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীও অন্তৰ্ভুক্ত আছে । এই সন্দৰ্ভত সোমবাৰে কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক কমিটিৰ এখন বৈঠক অনুষ্ঠিত হ’ব ।
বিগত নিৰ্বাচনত দেশৰ যুৱ প্ৰজন্মই দলটোৰ প্ৰতি আত্মবিশ্বাস হ্ৰাস পোৱাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ শাসনলৈ আহে । যাৰ কাৰণে চিন্তিত হৈ পৰিছে কংগ্ৰেছ । আনহাতে নেতৃত্বৰ পৰিৱৰ্তনৰ দ্বাৰা কংগ্ৰেছৰ নেতৃ বৰ্গই বিচাৰিছে যে নেতৃত্ব সবল হ’ব লাগে ৷ যাতে সকলোতে তাৰ প্ৰভাৱ প্ৰতিফলিত হয় ।
কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সমিটিৰ নিৰ্বাচন অনতিপলমে অনুষ্ঠিত হ’ব লাগে ৷ ইনষ্টিটিউশ্যনেল নেতৃত্বৰ এখন সমিতি গঠন হ’ব লাগে । যাতে দলটোক শক্তিশালী কৰিবলৈ নিৰ্দেশনা লাভ কৰে ৷ ইফালে কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ এই বৰ্ষত কাৰ্যভাৰ গ্ৰহণ কৰা এবছৰ সম্পূৰ্ণ হ’ব । বিগত বৰ্ষত ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ পিছত ছোনিয়া গান্ধীয়ে নেতৃত্ব বহন কৰিছিল ।
সোমবাৰে পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেঞ্চৰ যোগেৰে কংগ্ৰেছৰ কাৰ্য নিৰ্বাহক কমিটিৰ বৈঠক অনুষ্ঠিত হ’ব । এই বৈঠকত নেতৃত্বৰ সকলো বিষয়ৰ সন্দৰ্ভত আলোচনা হ’ব ।
এক বিশেষ সূত্ৰৰ মত অনুসৰি ৰাহুল গান্ধী পুনৰ দলটোৰ অধ্যক্ষ হ’ব বিচাৰে । ইপিনে দলটোৱে ২ দিন পূৰ্বে সদৰী কৰিছিল যে সমগ্ৰ দেশৰ কাৰ্যকৰ্তাসকলে ৰাহুল গান্ধীক দলৰ অধ্যক্ষ হোৱাটো বিচাৰে ।






























