Udhampur: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাৰ বনাঞ্চলত নিৰাপত্তা বাহিনীৰ স’তে হোৱা সংঘৰ্ষত বৃহস্পতিবাৰে দুজন সন্ত্ৰাসবাদী নিহত হয়। ভাৰতীয় সেনাৰ হোৱাইট নাইট কৰ্পছে বৃহস্পতিবাৰে পুৱা এক্সত কৰা এটা পোষ্টযোগে এই তথ্য নিশ্চিত কৰে।
সেনা বিষয়াই জানিবলৈ দিয়া অনুসৰি, বুধবাৰে নিশা প্ৰায় ৯ বজাত মাজালতাৰ দুৰ্গম ব্ৰাটেল ছ’নে আৰু খুব্বান অঞ্চলত সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ চলাচলৰ তথ্য লাভ কৰা হয়। ইয়াৰ পিছতে সেনা, আৰক্ষী আৰু চি আৰ পি এফে যৌথভাৱে অনুসন্ধান অভিযান আৰম্ভ কৰে।
হোৱাইট নাইট কৰ্পছে এক্সত প্ৰকাশ কৰা অনুসৰি, ১৬ আৰু ১৭ ছেপ্টেম্বৰৰ মাজনিশা চোৰাংচোৱাৰ নিশ্চিত তথ্যৰ ভিত্তিত উধমপুৰৰ ব্ৰাটেল অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে বিশ্বাসযোগ্য তথ্য লাভ কৰা হৈছিল। প্ৰতিকূল বতৰ, কঠিন ভূখণ্ড আৰু কম দৃশ্যমানতাৰ মাজতো হোৱাইট নাইট কৰ্পছ, জম্মু-কাশ্মীৰ আৰক্ষী আৰু চি আৰ পি এফৰ এটা দলে লক্ষ্য নিৰ্ধাৰণ কৰি সন্ত্ৰাসবাদবিৰোধী অভিযান চলায়। অভিযানত দুজন সন্ত্ৰাসবাদী নিহত হয়।
সেনাই জনোৱা মতে, অঞ্চলটোত অনুসন্ধান আৰু চোৰাংচোৱা অভিযান অব্যাহত আছে। লগতে, বাকী থকা যিকোনো ভাবুকিৰ স্থান নিৰ্ণয় আৰু নিৰ্মূল কৰাৰ বাবে নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।
ইফালে, বুধবাৰৰ মাজনিশা অভিযান আৰম্ভ হোৱাৰ কিছু সময় পাছতে বনাঞ্চলৰ সন্দেহযুক্ত আত্মগোপন স্থান লক্ষ্য কৰি নিৰাপত্তা বাহিনীয়ে অভিযান চলোৱাৰ সময়ত গুলীচালনা আৰু বিস্ফোৰণৰ শব্দ শুনা গৈছিল বুলি সেনা বিষয়াই ইয়াৰ পূৰ্বে জানিবলৈ দিছিল।































