NarendraModi76thBirthday: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৬ সংখ্যক জন্মদিন। ১৯৫০ চনৰ ১৭ ছেপ্টেম্বৰত গুজৰাটৰ মেহছানা জিলাৰ বদনগৰত তেওঁৰ জন্ম হৈছিল। জন্মদিন উপলক্ষে বিজেপিয়ে দেশজুৰি ৰক্তদান শিবিৰ, চাফাই অভিযানকে ধৰি বিভিন্ন সমাজসেৱামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। লগতে ১৭ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ ‘সেৱা সংকল্প অভিযান’ আৰম্ভ কৰা হৈছে।
প্ৰধানমন্ত্ৰী মোদীক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জন্মদিনৰ শুভেচ্ছা জনায়। তেওঁলোকে নিজ নিজ শুভেচ্ছাবাৰ্তাত প্ৰধানমন্ত্ৰীৰ জনসেৱা, নেতৃত্ব আৰু দেশৰ উন্নয়নত তেওঁৰ অৱদানৰ কথা উল্লেখ কৰি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও প্ৰধানমন্ত্ৰী মোদীক জন্মদিনৰ শুভেচ্ছা জনাই কয় যে বিগত পঁচিশ বছৰ ধৰি গুজৰাটৰ পৰা সমগ্ৰ দেশলৈ জনসেৱাৰ ব্ৰতত অটল থাকি অন্ত্যোদয়ৰ আদৰ্শ আৰু শক্তিশালী ভাৰত নিৰ্মাণৰ সংকল্পৰে প্ৰধানমন্ত্ৰীয়ে দেশক নতুন আত্মবিশ্বাসেৰে আগুৱাই লৈ গৈছে। ১৪০ কোটি ভাৰতীয়ৰ আশা-আকাংক্ষা বাস্তৱায়নৰ জৰিয়তে উন্নয়ন আৰু আত্মনিৰ্ভৰতাৰ এক নতুন অধ্যায়ৰ সূচনা কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।































