দীৰ্ঘ দিনীয়া বিৰতিৰ অন্তত দেশত পুনৰ আৰম্ভ হ’ব মেট্ৰ’ৰেল । তলাবন্ধৰ ‘আনলক-৪’ পৰ্যায়ত মেট্ৰ’ ৰেল সেৱা চলাচলৰ অনুমতি প্ৰদান কৰাৰ আশংকা প্ৰকাশ কৰিছে গৃহ মন্ত্রণালয়ে । ১ ছেপ্টেম্বৰৰ পৰা দেশত আকৌ মেট্ৰ’ ৰেল সেৱা চলাচল অব্যাহত ৰখাৰ আশংকা আছে । কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চলিত বর্ষৰ মাৰ্চ মাহৰে পৰা দেশত বন্ধ হৈ আছিল মেট্ৰ’ ৰেল সেৱা ।
উল্লেখ্য যে, দিল্লীত মেট্ৰ’ ৰেল সেৱা বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১৩০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হয় দিল্লী চৰকাৰ । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালেও মেট্ৰ’ ৰেল সেৱা চলাচল অব্যাহত ৰখাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে । দেশত জুন মাহৰ পৰাই ‘আনলক’ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও মেট্ৰ’ৰেল সেৱা চলাচল কৰিবলৈ মন্ত্ৰণালয়ে অনুমতি প্ৰদান কৰা নাছিল ।
ক’ভিড -১৯ সংক্ৰমণ ৰোধৰ বাবে গ্ৰহণ কৰা সকলো নীতি-নিৰ্দেশাৱলী মানি অহা ছেপ্টেম্বৰৰ পৰা এই ৰেলসেৱা পুনৰ চলাচলৰ অনুমতি প্ৰদানৰ আশংকা ব্যক্ত কৰিছে গৃহমন্ত্ৰণালয়ে ।





























