পুনৰ জম্মু কাশ্মীৰৰ অনন্তনাগত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত এজন সন্ত্ৰাসবাদীৰ নিহত হৈছে। সেনা-আৰক্ষীৰ যৌথ অভিযানত নিহত হয় সন্ত্ৰাসবাদীজন ৷কাশ্মীৰী আৰক্ষীৰ পৰা পোৱা গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। এই অভিযানত নিহত হয় এজন সন্ত্ৰাসবাদী । ইপিনে সন্ত্ৰাসবাদীজনৰ পৰা এটা AK-47 উদ্ধাৰ কৰা হৈছে।
আনহাতে বিগত ১০ অক্টোবৰটো কুলগ্ৰাম জিলাত সেনা-আৰক্ষীৰ মাজত সংঘৰ্ষ হৈছিল। আৰু এনকাউণ্টাৰত দুজন সন্ত্ৰাসবাদীৰ মৃত্যু হয় ৷তেওঁলোকৰ পৰা M4 ৰাইফল আৰু এটা পিষ্টল উদ্ধাৰ কৰা হয়।
আৰক্ষীৰ এজন শীৰ্ষ বিষয়াৰ মন্তব্য অনুসৰি সেনাই দক্ষিণ কাশ্মীৰৰ কুলগ্ৰাম জিলাত সন্ত্ৰাসবাদী থকাৰ খবৰ উপলব্ধ হয়। ইয়াৰ পাছত সেনা আৰক্ষীৰ যুটীয়া অভিযানত সন্ত্ৰাসবাদী লুকাই থকা অঞ্চলটোত দুয়ো পক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় ।আৰু দুজন সন্ত্ৰাসবাদী নিহত হয় ।






























