বেলুৰ মঠত মহাষ্টমীৰ দিনাই কুমাৰী পূজাৰ দেৱীৰূপে পূজা কৰা শিশুকন্যাৰ মুখমণ্ডলত মাস্ক দেখা নাপাই সামাজিক মাধ্যমত উদ্বেগ প্ৰকাশ কৰিছে একাংশই । পূজাত আন অংশ গ্ৰহণকাৰী সকলে মাস্ক পৰিধান কৰিছিল যদিও দেৱীৰূপী শিশুকন্যাৰ মুখমণ্ডলত মাস্ক নাছিল। এই সন্দৰ্ভত সামাজিক মাধ্যমত বিভিন্নজনৰ প্ৰশ্ন উত্থাপন হয় ।
কিন্তু মন্দিৰৰ কৰ্তৃপক্ষই ইয়াত কোনো ভুল দেখা নাপাই বুলি দাবী কৰি কয় যে, যাক দেৱীৰূপে পূজা কৰা হৈছে আগতেই কৰ’নাৰ বিধি মানি পৰীক্ষা কৰা হৈছে। পৰীক্ষাত ফলাফল নিগেটিভ অহাৰ পাছতহে পূজাৰ আয়োজন কৰা হৈছে । লগতে কয়, মাস্কতকৈ কৰ’নাৰ পৰীক্ষাহে প্ৰধান । সেয়া ইতিমধ্যে সম্পন্ন কৰা হৈছে ।
উল্লেখ্য যে বেলুৰ মঠৰ প্ৰধান আকর্ষণ অষ্টমীৰ কুমাৰী পূজা । ২৫ হেজাৰৰ পৰা ৩০ হেজাৰ পৰ্যন্ত লোকৰ সমাগম ঘটে এই পূজাত । কিন্তু এইবাৰ কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভিৰ যথেষ্ট কম হোৱা পৰিলক্ষিত হয় ।