ভাৰতে শুক্ৰবাৰে সফল পৰীক্ষণ সম্পন্ন কৰিলে Quick Reaction Surface to Air Missile অৰ্থাৎ QRSAM মিছাইল। ANI ৰ শ্বেয়াৰ কৰা ১৩ ছেকেণ্ডৰ এটা ভিডিঅ’ত মিছাইলটোৰ শক্তি প্ৰতিফলিত হৈছে ৷
এই মিছাইলৰ দ্বাৰা বিৰোধী শক্তিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা আৰু ধ্বংস কৰাত সুবিধা হ’ব। ভাৰতীয় সেনাৰ সহায়ক হোৱাকৈ উচ্চ স্তৰীয় কাৰিকৰী পদ্ধতিৰে নিৰ্মাণ কৰা হৈছে এই মিছাইল ৷
এক বিশেষ সূত্ৰ মতে এই মিছাইলে শত্ৰুৰ প্ৰতিটো অভিসন্ধিক ধ্বংস কৰিব। প্ৰায় ৩০ কিলোমিটাৰ বেগী এই মিছাইলৰ সফল পৰীক্ষণৰ পাছত ভাৰতৰ ব্যৱসায়িক উৎপাদনৰ ক্ষমতাও বৃদ্ধি পাইছে।
ভাৰততে নিৰ্মাণ কৰা এই মিছাইলে দেশক যে শক্তিশালী কৰিছে সেয়া সহজেই অনুমেয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে, DDRND ৰ সচিবৰ লগতে অন্যান্য বিজ্ঞানীসকলে এই শক্তিশালী মিছাইলৰ পৰীক্ষণৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে ৷
Video:ANI
#WATCH: Successful testfiring of the DRDO-developed Quick Reaction Surface to Air Missile system off the coast of Balasore, Odisha yesterday. The Missile can hit targets in air at a strike range of 25-30 km. During the testfiring, it hit its target directly. pic.twitter.com/szA2J2cytG
— ANI (@ANI) November 14, 2020





























