চৰকাৰী আৱাস এৰাৰ জাননী লাভ কৰিছে দেশৰ ২৭ প্ৰখ্যাত শিল্পীয়ে । কথক নৃত্যৰ প্ৰবাদপ্ৰতীম শিল্পী বিৰজু মহাৰাজ, চিত্ৰশিল্পী যতীন দাস, চন্তুৰ বাদক ভজন চোপ’ৰি, মোহিনী অট্টম শিল্পী ভাৰতী শিৱাজী আদিৰ নামো আছে জাননী লাভ কৰা সকলৰ ভািতৰত । জাননীখনত অহা ৩১ ডিচেম্বৰৰ ভিতৰত তেওঁলোকে অধিকাৰ কৰি থকা চৰকাৰী আৱাস এৰি দিবলৈ কোৱা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ বাশিষ্ট শিল্পীজনৰ বাবে সংৰক্ষণৰ অধীনত এই শিল্পীসকলক নতুন দিল্লীৰ ৰাজধানী অঞ্চলৰ বিভিন্ন স্থানত মাহেকীয়া ‘লাইচেন্স ফি’ৰ বিনিময়ত আৱাসবিলাক প্ৰদান কৰা হৈছিল । এই মাচুল অৱশ্যে বজাৰ মূল্যতকৈ যথেষ্ট কম আছিল । ২০-৩০ অথবা ৪০ বছৰতকৈও অধিক সময় ধৰি এই শিল্পীসকলে চৰকাৰী আৱাস গৃহবিলাকত বসবাস কৰি আছে ।
কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা অনুসৰি আৱাসবিলাক যথেষ্ট পুৰণি হৈছে । এই আৱাসবিলাকত নিৰাপদে বসবাসৰ সময় আৰু বৃদ্ধি কৰা নহয় । আৱাস এৰাৰ জাননী লাভ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ পেৰণ কৰিছে বিৰজু মহাৰাজে । প্ৰধানমন্ত্ৰীয়ে প্ৰতিটো দিশ বিবেচনা কৰি এই বিষয়ত সিদ্ধান্ত ল’ব বুলি মহাৰাজে পত্ৰত আশা প্ৰকাশ কৰে ।
বিৰজু মহাৰাজে যোৱা ৪২ বছৰ ধৰি চৰকাৰীভাৱে আৱণ্টন দিয়া আৱাসটোত বসবাস কৰি আছে । জাননী লাভ কৰা শিল্পীসকলৰ ভিতৰত বিৰজু মহাৰাজেই সবাতোকৈ পুৰণি বাগিন্দা । মহাৰাজৰ বৰ্তমান ৮৩ বছৰ বয়স হৈছে । ১৯৭৮ৰ পৰাই মহাৰাজে শ্বাহজাহান ৰোডস্থিত আৱাসটোত আছে এছিয়াড ভিলেজস্থিত আৱাসত ১৯৮৮ৰ পৰা বসবাস কৰি আছে যতীন দাসে ।
সমগ্ৰ ঘটনাটোক লৈ খেদ প্ৰকাশ কৰি মহাৰাজে কয়, ‘সমগ্ৰ দেশতে এতিয়া কৰ’নাৰ প্ৰকোপ চলি আছে । এনে সময়ত আমাৰ দৰে বয়োজ্যেষ্ঠ লোকৰ বাবে নতুন ঘৰৰ গন্ধান কৰাটো সম্ভৱ নহ’ব । জাননী প্ৰেৰণ কৰাসকলে কিছু সংবেদনশীলতাৰে এই বিষয়টো বিবেচনা কৰা উচিত আছিল । যিসকলে ৫০-৬০ বছৰ ধৰি শিল্প চৰ্চা কৰি দেশৰ নাম উজ্জ্বল কৰিছে চৰকাৰে প্ৰথমে সেইসকলৰ এখন তালিকা প্ৰস্তুত কৰক । এনে তালিকাভুক্ত শিল্পীসকলক যত্ন লোৱাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰক ।’
যতীন দাসে এই সন্দৰ্ভত ক্ষোভ ব্যক্ত কৰি কয়, ‘আমাৰ দ্বিতীয় কোনো বাসস্থান নাই । এতিয়া ইমান কম সময়ৰ ভিতৰতে আমি ক’লৈ যাম ? ইয়াতেই আমাৰ সকলো কাম-কাজ বিস্তাৰিত হৈ আছে । চৰকাৰৰ যিকোনো ধৰণৰ সামাজিক প্ৰকল্প অথউা দুৰ্যোগত আমি নিঃচৰ্তভাৱে সংগ দিওঁ । পাৰিশ্ৰমিক নোলোৱাকৈয়ে চৰকাৰৰ শিল্প-সংস্কৃতিৰে জড়িত বিভিন্ন কমিটিটো আমি কাম কৰো; কিন্তু আজি আমাক এনেদৰে বিপদৰ মাজলৈ ঠেলি দিয়া হ’ল।’ অৱশ্যে বসবাসৰ সময়সীমা উকলি যোৱা আৱাসবিলাক খালী কৰিবলৈ জাননী দিয়া কাৰ্য বেআইনী নহয় বুলি দাবী কৰিছে । কেন্দ্ৰীয় সাংস্কৃতিক তথা নগৰ উন্নয়ন মন্ত্ৰাণালয়ে ।
অৱশ্যে শিল্পীসকলৰ মতে, প্ৰশ্ন আইনৰ নহয়, সন্মানৰহে । আৱাসবিলাকত বসবাসৰ সময়সীমা উকলি যোৱাৰ পাছতো বহুকেইবাৰ সময়সীমাৰ নবীকৰণ কৰা হৈছে । সেয়েহে এনে কাৰ্যত শিল্পীসকল অভ্যস্ত হৈ পৰিছে । সময়ে সময়ে মাচুলো বৃদ্ধি কৰি অঘা হৈছে । সমগ্ৰ এই কাণ্ডক লৈ শিল্পীসকলে অপমানবোধ কৰাৰো অভিযোগ কৰিছে । তদুপৰি বৰ্তমানৰ কৰ’না কালত বিপদত পেলোৱাটো অতিকে মৰ্মান্তিক বুলিও কোৱা হয় ।
কুছিপুড়ি নৃত্য শিল্পী বনশ্ৰী ৰাওৱে এই সন্দৰ্ভত কয়, ‘আমি এনেদৰে জাননী লাভ কৰিব নালাগিছিল । আমি বেআইনীভাৱে আৱাস দখল কৰি থকা নাই । মাচুল ফি হিচাপে যোৱা চাৰি বছৰত ন লাখ টকা দাবী কৰা হৈছে । পৰ্যায়ক্ৰমে এই ধন আমি প্ৰদান কৰিছো; কিন্তু আমাৰ স’তে দখলদাৰীৰ দৰে ব্যৱহাৰ কৰা হৈছে ।’





























