তলাবন্ধৰ ফলত আর্থিকভাৱে কোঙা হৈ ব্যৱসায় বন্ধ হৈ পৰা লাখ লাখ পদপথৰ ক্ষুদ্র ব্যৱসায়ীক সকাহ দিয়াৰ লক্ষ্যৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰূপায়ণ কৰিছিল ‘পি এম ষ্ট্রীট ভেণ্ডছ আত্মনির্ভৰ আঁচনি, কিন্তু সংশ্লিষ্ট চৰকাৰী বিভাগৰ সহযােগিতা আৰু প্ৰয়ােজনীয় নথিৰ অভাৱত অসমৰ প্ৰায় চাৰি লাখ পদপথৰ ব্যৱসায়ীৰ সৰহ সংখ্যকে এই আঁচনিৰ সুফল লাভ দূৰৰে কথা আবেদনেই দাখিল কৰিবলৈ সক্ষম হােৱা নাই।
উল্লেখ্য যে এই আঁচনিৰ আবেদনৰ মূল নথি আধাৰ কাৰ্ড আৰু বেংকৰ নথি; কিন্তু ৰাজ্যত অধিকাংশ লােকৰে আধাৰ কার্ড বর্তমানেও নােহােৱাত আৰু বেংকৰ প্রয়ােজনীয় নথি মজুত নথকাৰ অভাৱত অধিকাংশ ক্ষুদ্র ব্যৱসায়ীয়ে এটাৰ পৰা আন এটা কার্যালয়লৈ তাঁত-বাটি কাঢ়ি ভাগৰুৱা হৈ পৰিছে। ফলত বহু ব্যৱসায়ীয়ে ঋণ লাভৰ আশা মনৰ পৰা ত্যাগ কৰি দিন হাজিৰা কৰি পৰিয়াল পােহপাল দি আহিছে।
গুৱাহাটী মহানগৰীৰ কে’বাজনাে ভুক্তভােগী ব্যৱসায়ীয়ে সদৰী কৰা অনুসৰি, প্রথম দিনটোত অনলাইন কৰা সংশ্লিষ্ট প্রতিষ্ঠানলৈ গৈ এখন আবেদনপত্র আনি পৌৰ নিগমৰ কার্যালয়লৈ যাব লগা হয়। কপাল ভাল থাকিলে সংশ্লিষ্ট বিষয়াজনক লগ পাব নাইবা দুই-তিনি দিন যাব লগা হয়। বিষয়াজনক লগ পােৱাৰ পাছত আধাৰ কার্ড, বেংকৰ নথি পৰীক্ষা কৰে। যদি মহানগৰৰ বাহিৰৰ বেংকত একাউণ্টত থাকে তেন্তে উজান বজাৰৰ ষ্টেট বেংকত একাউন্ট খুলিবলৈ কোৱা হয় আবেদনকাৰীক।
একেদৰে আধাৰ কাৰ্ডৰ বাবেও চাৰি-পাঁচ দিন যাব লগা হয় বুলি তেওঁলােকে অভিযােগ কৰি কয়, ‘টকা দিব ১০ হেজাৰ, তাকো পৰিশােধ কৰিব লাগিব। এতিয়া বেংকৰ একাউণ্টত খুলিবলৈ দুহেজাৰ, বেংকলৈ অহা- যােৱাত পাঁচশ, আধাৰ কাৰ্ডৰ কেন্দ্ৰলৈ অহা-যােৱাৰ পৰা ঋণ লাভ কৰালৈ এহেজাৰ আৰু পৌৰ নিগমৰ কার্যালয়, অনলাইন আবেদন কেন্দ্রৰ লগতে ঋণ লাভ কৰা আগমুহূৰ্তলৈকে ১৫শ টকাসহ প্রায় চাৰি-পাঁচ হেজাৰ টকা খৰচ হয়। ফলত বহু পদপথৰ ব্যৱসায়ীয়ে এই আঁচনিৰ আবেদন কৰিব পৰা নাই।
ইফালে, ৰাজধানী মহানগৰীত এন ইউ এল এমৰ প্রজেক্ট মেনেজাৰ জনৈক কাকতিৰ অদক্ষতাৰ বাবেই এই আঁচনিত প্রকৃত হিতাধিকাৰীসকল বঞ্চিত হৈ থকাৰ অভিযােগ উত্থাপন হৈছে। উল্লেখ্য যে মহানগৰীৰ পদপথৰ ব্যৱসায়ীসকলৰ সুবিধার্থে পৌৰ নিগমৰ তৰফৰ পৰা দোকানে দোকানে গৈ সংশ্লিষ্ট স্থানতে আবেদন প্রক্রিয়া আৰম্ভ কৰিছে যদিও তলাবন্ধৰ ফলত নতুনকৈ সৃষ্টি হােৱা পদপথৰ ব্যৱসায়ীক অধিক গুৰুত্ব আৰােপ কৰাৰ অভিযােগ উঠিছে সংশ্লিষ্ট বিষয়াৰ বিৰুদ্ধে। এক সূত্রত প্রকাশ যে পৌৰ নিগমৰ জৰীপত থকা পুৰণি প্রায় আঠ হেজাৰ থলুৱা ব্যৱসায়ীক এই আঁচনিৰ পৰা বঞ্চিত কৰি সন্দেহজনক ব্যৱসায়ীক ঋণ লাভৰ সুবিধা কৰি দিয়া হৈছে।
উল্লেখ্য যে শেহতীয়াকৈ অনুষ্ঠিত এক সভাত এন ইউ এল এমৰ প্রজেক্ট মেনেজাৰ জনৈক কাকতিয়ে অলনাইন আবেদনৰ বাবে বিষয়াসকলে যি স্থানলৈ যাব, তাৰ আগমুহূর্তত সংশ্লিষ্ট স্থানত থকা ব্যৱসায়ী সন্থাৰ নাইবা ব্যৱসায়ীক অৱগত কৰি প্ৰয়ােজনীয় নথি লগত ৰাখিবলৈ আহ্বান জনােৱা হ’ব বুলি উল্লেখ কৰিছিল যদিও বর্তমান সময়ত নিজ ইচ্ছাৰে যাকে মন যায় তেওঁৰ পৰাই নথি লৈ ঋণ আবেদন কৰি সম্পূর্ণ ব্যৱস্থাটো সমাপ্ত কৰা কাৰ্যত লিপ্ত হােৱা বুলি সূত্ৰটোৱে অভিযােগ কৰে৷ ফলত বহু থলুৱা ব্যৱসায়ীয়ে প্রয়ােজনীয় নথিৰ অভাৱত এই আঁচনিৰ পৰা বঞ্চিত হ’ব বুলি তেওঁলােকে প্রকাশ কৰে।
উল্লেখ্য যে তলাবন্ধৰ ফলত অর্থনৈতিকভাৱে কোঙা হৈ মহানগৰীত দীর্ঘদিন ব্যৱসায় কৰি পৰিয়াল পােহপাল দি অহা সােণাপুৰৰ নগেন দাস (পাণবজাৰত পাণ-তামােলৰ দোকান), হাজোৰ হােমেন কলিতা (পাণবজাৰত চাকৰি আবেদনৰ প-পত্ৰ বিক্ৰীৰ দোকান), প্রদীপ দাস (সৰুসজাইত ফাষ্ট ফুডৰ দোকান), কণিকা কলিতা (বশিষ্ঠ চাৰিআলিত পাণ-তামােলৰ দোকান), গীতা বড়াে (আই এছ বি টিত ফাষ্টফুডৰ দোকান) আদি কৰি বহু থলুৱা লােকে এতিয়াও পুনৰ ব্যৱসায় আৰম্ভ কৰিবলৈ সক্ষম হােৱা নাই; কিন্তু এনে ব্যৱসায়ীসকলৰ তালিকা এতিয়াও সংগ্রহ কৰা নাই সংশ্লিষ্ট পক্ষই। চৰকাৰী বিভাগৰ অৱহেলাৰ বাবেই পৰিয়াল চলাবলৈ কঠোৰ সংগ্ৰাম কৰিবলগীয়া হােৱা এইসকল লােকৰ কাষতাে বর্তমানে দেখা দিয়া নাই কোনাে হৃদয়বান লােক।





























