অযুধ্যা, মথুৰাৰ পাছত আন এক মুছলমানৰ স্থাপত্য সম্প্ৰতি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে । দীৰ্ঘকালৰ বিতৰ্কৰ অৱসান ঘটাই উচ্চতম ন্যায়ালয়ে ইতিমধ্যে অযোধ্যাৰ বিবদমান ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ নিৰ্দেশ দিছে। এইবাৰ দিল্লীত অৱস্থিত দেশৰ অন্যতম গৌৰৱ কুতুব মিনাৰত হিন্দু আৰু জৈনসকলৰ মন্দিৰ থকাৰ দাবী উত্থাপন হৈছে ।
ইয়াৰ সমান্তৰালকৈ উক্ত মন্দিৰত পূজাৰ অধিকাৰ বিচাৰি ছাকেট জিলা আদালতত এক গোচৰ আৰম্ভ হৈছে । আজি এই আবেদনৰ প্ৰথম শুনানি সম্পন্ন হয় । ২৪ ডিচেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে আদালতে ।
আইনজীৱী বিষ্ণু এছ জৈনে দাখিল কৰা আবেদনত উল্লেখ কৰা হৈছে যে সম্প্ৰতি কুতুব মিনাৰ থকা স্থানত এসময়ত হিন্দু আৰু জৈনসকলৰ মন্দিৰ আছিল । সেই মন্দিৰসমূহত যিসকল দেৱ-দেৱীত পূজা-অৰ্চনা কৰা হৈছিল, তেওঁলোকৰ বিগ্ৰহ পুনৰ প্ৰতিষ্ঠাৰ নিৰ্দেশ দিয়াৰ বাবেও আদালতক আবেদন জনাইছে ।
আবেদনকাৰীসকলে দাবী কৰিছে যে কুতুব মিনাৰ চৌহদৰ ভিতৰতে মুঠ ২৭টা মন্দিৰ আছিল । ইয়াৰ ভিতৰত অন্যতম হৈছে জৈন তীৰ্থংকৰ ভগৱান ঋষভ দেৱৰ উপাসনাস্থলৰ উপৰি ভগৱান বিষ্ণু, গণেশ, শিৱ, সূৰ্য, হনুমান আৰু দেৱী গৌৰীৰ মন্দিৰ । ১৮৮২ৰ ন্যাস আইন অনুসৰি কেন্দ্ৰীয় চৰকাৰক কুতুব মিনাৰৰ চৌহদত ২৭টা মন্দিৰ থকাৰ বিষয়ে অৱগত হোৱাৰ উৎসৰ কথাও উল্লেখ কৰিছে আবেদনকাৰীয়ে ।
এই ক্ষেত্ৰত তেওঁলোকে উল্লেখ কৰিছে ‘আৰ্কিঅ’লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়া’ৰ দ্বাৰা প্ৰস্তুত কৰা সংক্ষিপ্ত ইতিহাসৰ কথা । উক্ত ইতিহাসত ১২শ শতিকাত কুতুবুদ্দিন আইবাকৰ আম্ৰাজ্য স্থাপনৰ পূৰ্বে সেই স্থানত ২৩টা মন্দিৰ আছিল আৰু সেইবোৰ ধ্বংস কৰিয়ে সেই চৌহদত কুয়াত-উল-ইছলাম মছজিদ নিৰ্মাণ কৰা কথা উল্লেখ আছে বুলি আবেদনকাৰীসকলে দাবী কৰিছে ।
প্ৰসংগক্ৰমে উল্লেখ্য যে কুতুব মিনাৰ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্ভুক্ত । ইটাৰে তৈয়াৰী গম্বুজৰ ভিতৰত কুতুব মিনাৰেই হৈছে বিশ্বৰ উচ্চতম গম্বুজ । ইয়াৰ দৈৰ্ঘ ৭২.৫ মিটাৰ ইয়াত ৩৭৯টা ঘূৰণীয়া খটখটী আছে ।





























