ক’ৰনাৰ পূর্বে ভাৰতৰ জিডিপি হাৰ যিটো স্তৰত আছিল পুনৰ সেই স্তৰ পাবলৈ অতি কমেও দুটা বছৰৰ আৱশ্যক হ’ব বুলি ইতিমধ্যে অর্থনৈতিক সমীক্ষাত অনুমান কৰা হৈছে। সমীক্ষাত দেশজুৰি টিকাকৰণ প্রক্রিয়া আৰম্ভ হােৱাৰ ফলশ্ৰুতিত ২০২১-২২ বিত্তীয় বৰ্ষৰ জিডিপি বৃদ্ধিৰ হাৰ ১১ শতাংশ পর্যন্ত ঊর্ধ্বগাম হ’ব বুলি আশা কৰা হৈছে যদিও এই আশা পূৰণ হ’ব নে নহয় সেয়া নির্ভৰ কৰিব বাজেটত লােৱা পদক্ষেপসমূহৰ ওপৰতাে। কৰ’নাকালীন মন্দাৱস্থাই অর্থনীতিৰ কামিহাড় ভাঙি পেলােৱাৰ পাছত দেশৰ জিডিপি হাৰ ক্ৰমশঃ নিম্নগামী হৈছে। দেশৰ আভ্যন্তৰীণ চাহিদা, চাকৰি, বিনিয়ােগ আদি প্রত্যেকটো ক্ষেত্ৰতেই কৰনাৰ মাধমাৰৰ চাপ স্পষ্ট ৰূপত বিদ্যমান। এনে পৰিস্থিতিত প্ৰতিটো ক্ষেত্ৰৰ পুনৰুদ্ধাৰৰ বাবে বাজেটৰ মাধ্যমেদি অন্ততঃ কিবা নহয় কিবা উপায় চিন্তা কৰা হ’ব বুলি বাৰুকৈয়ে আশা কৰিছে সকলােৱে। স্বাস্থ্য সুৰক্ষা কৰ্মীৰ পৰা আৰম্ভ কৰি মহিলা, ঘৰৰ পৰা কৰ্মৰত ব্যক্তি, চৰকাৰী কৰ্মচাৰী, প্রবীণ নাগৰিকলৈ প্রত্যেকৰে বাবে বিশেষ সা-সুবিধা ঘােষণা কৰা হ’ব বুলি অনুমান কৰিছে অর্থনীতিবিদ মহলেও। নির্মলা সীতাৰমণৰ বাজেটক লৈ দেশৰ শীর্ষ অর্থনীতিবিদসকলৰ প্রত্যাশা,অনুমান আৰু পৰামৰ্শ সম্পর্কে জানাে আহকচোন—
আন্তঃগাঁথনি নির্মাণ
ৰাস্তা-ঘাট আৰু ৰেলপথ নির্মাণৰ বাবে এইবেলি বাজেটত আৰু অধিক পুঁজি আবণ্টনৰ দাবী কৰা হৈছে। লগতে চহৰ আৰু গ্রামাঞ্চলত গৃহ নির্মাণৰ কাম-কাজ যাতে খৰতকীয়া কৰিব পাৰি তাৰ ওপৰতাে গুৰুত্ব দিয়াটো বিচাৰিছে বিশেষজ্ঞমহলে। ইয়াৰ দ্বাৰা আন্তঃগাঁথনিৰ বিকাশৰ লগতে কর্মসংস্থান বৃদ্ধি পাব, যাৰ ফলত কৰনাৰ পাছত মন্থৰ হৈ পৰা দেশৰ অর্থনীতিৰ চকা ত্বৰিৎ গতিত ঘূৰিব বুলি আশা প্রকাশ কৰিছে তেওঁলােকে।
কর্মসংস্থাপন বৃদ্ধি
কর্মসংস্থাপন বৃদ্ধিৰ দ্বাৰা দেশৰ অর্থনীতিৰ বিকাশক ত্বৰান্বিত কৰিবলৈ হলে বাজেটত প্রত্যক্ষ আয় বৃদ্ধিৰ দিহা কৰাটো বিচাৰিছে একাংশ অর্থনীতিবিদে।উপদেষ্টা সংস্থা চিএমআইইৰ প্রতিবেদনৰ তথ্য অনুযায়ী, যােৱা ডিচেম্বৰত ভাৰতত নিবনুৱাৰ হাৰ ৯.১ শতাংশ পর্যন্ত ঊর্ধ্বগামী হৈছে যি হৈছে বিগত ছমাহৰ ভিতৰত সর্বোচ্চ। সংস্থাটোৱ ইয়াৰ কাৰণ ব্যাখ্যা কৰি কয় যে কামৰ সন্ধান কৰা লােকৰ সংখ্যা প্রায় ৬০ লক্ষলৈ বাঢ়িছে; কিন্তু এই মুহূর্তত ইমান বৃহৎ সংখ্যক লােকক কাম দিব পৰাকৈ সবল নহয় দেশৰ অর্থব্যৱস্থা। চিএমআইআইৰ দৰে অনুৰূপ ধাৰণা দেশৰ গৰিষ্ঠসংখ্যক অর্থনীতিবিদৰাে। তেওঁলােকৰ মতে,গ্রামাঞ্চলত এশদিনৰ মজুৰিৰ চাহিদা প্ৰচুৰ যদিও চহৰাঞ্চলত তাৰ সম্পূর্ণ বিপৰীত ছবি স্পষ্ট। বাজেটত চাকৰিৰ সুযােগ বৃদ্ধি কৰিব পৰা কি কি প্রস্তাৱ দাখিল কৰিলে চহৰ আৰু গ্রামাঞ্চল উভয়ৰে বাসিন্দা উপকৃত হ’ব সেই বিষয়ে বিশেষ পৰামর্শ দিছে অর্থনীতিবিদমহলে। তেওঁলােকৰ মতে,আন্তঃগাঁথনিৰ বিকাশৰ বাবে পুঁজি আবণ্টনৰ পৰিমাণ প্ৰচুৰ পৰিমাণে বৃদ্ধি কৰা হওঁক এইবাৰৰ বাজেটত। গৃহ নির্মাণ, নগৰ উন্নয়ন, পথ পৰিবহণ,জাহাজ মন্ত্রণালয় আদিৰ দৰে আন্তঃগাঁথনি সংক্রান্তীয় মন্ত্রণালয়ে যদি ১৫-২৫ শতাংশকৈ পুঁজি আবণ্টন বৃদ্ধি কৰে তেন্তে বহু নিবনুৱাই সংস্থাপন পাব পাৰে।
চাকৰিজীৱীৰ বাবে
চাকৰিজীৱীসকলৰ বাবে বাজেটৰ উপহাৰ হিচাপে আহিব পাৰে বিশেষ ত্রাণ পেকেজ। দেশৰ অৰ্থনীতিৰ ভেটি আগৰ দৰে সবল কৰাৰ লক্ষ্যৰে মূলতঃ ভ্রমণ, পর্যটন, পৰিবহণ, শিক্ষা, স্বাস্থ্যসহ একাধিক সেৱাৰ স’তে জড়িত চাকৰিয়ালসকলৰ বাবে এই ত্রাণ পেকেজ মুকলি কৰা হ’ব পাৰে।
প্রবীণ নাগৰিকৰ বাবে
বার্ধক্য জীৱনৰ বাবে অৱসৰকালীন একাধিক বৃহৎ প্ৰস্তাৱ এইবাৰৰ বাজেটত উত্থাপন হােৱাৰ সম্ভাৱনা দেখা পাইছে। অর্থনীতিবিদমহলে বিশেষকৈ পেঞ্চনাৰসকলৰ বাবে বিভিন্ন ৰেহাইৰ সুবিধা আগবঢ়োৱা হ’ব পাৰে। জীৱন বীমা আৰু পেঞ্চন সংক্রান্তীয় পুঁজিকেই যিহেতুকে চৰকাৰে দীৰ্ঘম্যাদী বিনিয়ােগৰ মূল উৎস বুলি ধৰে, সেয়ে ৮০চি ধাৰাক বাদ দি অন্য দুই এক পন্থাৰে বিশেষ কৰ ৰেহাই ঘােষণা কৰিব পাৰে নিৰ্মলা সীতাৰমণে। অনুমান কৰা মতে, কমেও আঢ়ৈলাখ টকালৈ বৃদ্ধি পাব পাৰে এই ৮০চি ধাৰাৰ অধীনত পাব পৰা কৰ ৰেহাইৰ ম্যাদ।





























