ভাৰতত দৰিদ্ৰতা এক চিৰসংকত।এই দেশত অগণন মানুহ আছে যি সকলে আজিও দুবেলা পেট ভৰাই খাব নাপাই।অথচ এই দেশতে খোৱাৰ অপচয় অধিক আৰু ই সকলোতকৈ শীৰ্ষত আছে। WRAP ৰ স’তে যৌথভাৱে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী /UNEP য়ে এই ৰেপৰ্টটো তৈয়াৰ কৰিছে।
তথ্য অনুসৰি বাৰ্ষিক খাদ্য অপচয় পৰিপ্ৰেক্ষিতত ভাৰত প্ৰথমখন দেশ।যিটো বছৰত বিশ্বব্যাপী ৯৩.১ কোটি টন খাদ্য নষ্ট হৈছে,সেই বছৰ ভাৰতত নষ্ট হৈছে ৬.৮কোটি টন খাদ্য ।আমেৰিকাকো অতিক্ৰম কৰিছে ভাৰতে।
সমীক্ষা অনুযায়ী ২০১৯চনত বিশ্বজুৰি প্ৰস্তুত কৰা খাদ্যৰ মুঠ ১৭শতাংশ খাদ্য নষ্ট হৈছে ।ইয়াৰ ভিতৰত ভাৰত সৰ্বাধিকত আছে।ৰাষ্ট্ৰসংঘৰ এই সমীক্ষাত যি তথ্য দাঙি ধৰা হৈছে সেইয়া দেশৰ বাবে যথেষ্ট আতংকৰ।
অন্য এটা প্ৰতিবেদন অনুসৰি ২০১৯ চনত বিশ্বৰ ৬৯কোটি কোটি লোক অন্নহাৰ হৈ আছে।কৰ’না ৰ বাবে হোৱা লকডাউনত সেই পৰিস্থিতিৰ আৰু অৱনতি হৈছে।এই পৰিস্থিতিত খোৱাৰ অপচয় তথ্য অতি দূৰভাগ্যজনক।





























