দেশৰ কে’বাখনাে ৰাজ্যত পেট্রলৰ প্রতি লিটাৰৰ মূল্য এশ টকাৰ অধিক হৈছে । আগন্তুক সময়ত দেশত পেট্র’ল আৰু ডিজেলৰ মূল্য অধিক বৃদ্ধিৰ সম্ভাৱনা আছে । পেট্রল-ডিজেলৰ শেহতীয়া মূল্যবৃদ্ধি মূলত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ ফলত হৈছে ।
খাৰুৱা তেলৰ প্রতি বেৰলৰ মূল্য হৈছে। ৭০ ডলাৰ । খাৰুৱা তেলৰ মূল্যবৃদ্ধি অব্যাহত থাকিলে আগন্তুক দিনত ভাৰতত প্রতি লিটাৰ পেট্রল আৰু ডিজেলৰ মূল্য অধিক হােৱাৰ শংকা আছে ।
আগন্তুক দিনত খাৰুৱা তেলৰ প্রতি বেৰলৰ মূল্য ৭৩ ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা আছে আৰু এনে পৰিস্থিতিত পেট্রল-ডিজেলৰ মূল্য প্রতি লিটাৰত দুটকা বৃদ্ধি পাব পাৰে।
উল্লেখ্য যে বিগত এবছৰত ভাৰতত পেট্রল ২৩.২৩ টকা আৰু ডিজেলৰ ১৫.৯৯ টকা মূল্য বৃদ্ধি পালে । এবছৰ পূর্বে দুই জুনত ভাৰতত প্রতি লিটাৰ পেট্র’লৰ মূল্য ৭১.২৬ টকা আৰু ডিজেলৰ মূল্য ৬৯.৩৯ টকা আছিল।
বর্তমানে দিল্লীত প্রতি লিটাৰ প্রেট্র’ল মূল্য ৯৪.৪৯ টকা আৰু ডিজেলৰ মূল্য ৮৫.৩৮ টকা হৈছে ।





























