দৰৱৰ দোকানৰ পৰা স্বাস্থ্য কেন্দ্ৰলৈকে সকলােতে দেশত সহজলভ্য কনডম। কিন্তু ইয়াৰ পাছতাে ভাৰতত কনডমৰ ব্যৱহাৰৰ হাৰ হৈছে মাত্র ৫.৬ শতাংশ।
কনডম এলায়েন্স প্রতিবেদনত এই তথ্য প্রকাশ পাইছে। ভাৰতত কনডমৰ ব্যৱহাৰৰ সন্দৰ্ভত চলােৱা সমীক্ষাত প্ৰকাশ পােৱা মতে, দেশৰ মাত্র ৫.৬ শতাংশ পুৰুষেহে যৌন সম্পর্কৰ ক্ষেত্ৰত গর্ভনিৰােধক হিচাপে কনডম ব্যৱহাৰ কৰে।
একেটা প্রতিবেদনতে উল্লেখ কৰা মতে, দেশৰ ২০-২৪ বছৰ বয়সীয়া ৮০ শতাংশ পুৰুষে যৌন মিলনৰ ক্ষেত্ৰত কোনাে ধৰণৰ গৰ্ভনিৰােধকৰ ব্যৱহাৰ নকৰে।
বিগত কে’বা বছৰ ধৰি ভাৰতত কনডমৰ বজাৰত বার্ষিক বৃদ্ধিৰ হাৰ হৈছে মাত্র দুই শতাংশ। কনডমৰ অতি সীমিত ব্যৱহাৰৰ ফলত ভাৰতৰ অনাকাংক্ষিত গৰ্ভধাৰণ, গর্ভপাতৰ লগতে যৌন সংক্ৰমিত ৰােগৰ প্রকোপ বৃদ্ধি পাইছে বুলিও কনডম এলায়েন্সৰ প্রতিবেদনত উল্লেখ কৰা হৈছে।





























