ক’ভিড-১৯ৰ বাবে চৰকাৰে বান্ধি দিয়া নীতি নিয়মৰ পৰিপ্ৰেক্ষিতত বহুজনৰ জীৱনলৈ খাদ্য সংকট নামি আহিছে । একেদৰে দেওমৰনৈৰ দিব্যাংগ শিল্পী নিধন কলিতাৰ পৰিয়ালটোলৈ আহিছে তীব্ৰ খাদ্য সংকট ।
সমগ্ৰ দৰং জিলাতে এটি পৰিচিত নাম হৈছে নিধন কলিতা । গীতৰ জৰিয়তে জনপ্ৰিয় হোৱা দিব্যাংগ শিল্পী নিধনে বাছ আৰু ৰে’লত গীত পৰিৱেশন কৰি পোৱা ধনেৰে চাৰিজনীয়া পৰিয়ালটো পোহপাল দি আহিছিল । ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেজপুৰ-বাইহাটা চাৰিআলিত চলাচল কৰা বাছ আৰু নিউ বঙাইগাঁও-গুৱাহাটী সংযোগী ৰে’লত গীত গাই লাভ কৰা ধনেৰে অত দিনে পৰিয়াল পোহপাল দি আহিছিল ।
বাছ কৰ্মচাৰীসকলৰ লগতে বাছত অহা-যোৱা কৰা টেট্ শিক্ষক শিক্ষয়িত্ৰীসকলেও তেওঁক যথেষ্ট মৰম কৰিছিল বুলি প্ৰকাশ কৰে। কিন্তু বৰ্তমান ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে আংশিক তলাবন্ধ আৰু আন্ত:জিলা যাতায়ত বন্ধ হৈ পৰাত নিধনৰ পৰিয়ালটিলৈ অমানিশা নামি আহিছে ।
দৰং জিলাৰ দেওমৰনৈৰ কুমাৰপাৰা ভূমিহীন চুবুৰীৰ বাসিন্দা দিব্যাংগ শিল্পীজনৰ পৰিয়ালটো তীব্ৰ খাদ্য সংকটত ভুগিছে । প্ৰথম অৱস্থাত দৰং জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা, স্থানীয় বিধায়ক ড° পৰমানন্দ ৰাজবংশী আৰু সমাজ কল্যাণ বিভাগৰ লগতে ব্যক্তি বিশেষে কিছু খাদ্য সামগ্ৰী আগবঢ়াইছিল যদিও চৰকাৰে আংশিক লকডাউনৰ সময়সীমা পুনৰ বৃদ্ধি কৰাত পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । সেয়ে এতিয়া আৰ্থিক অভাৱৰ বাবে তীব্ৰ খাদ্য সংকটত ভোগা নিধন কলিতাই হৃদয়বান লোকৰ সহায়ৰ হাত বিচাৰিছে ।
যিসকল লোক বা সামাজিক অনুষ্ঠানে তেওঁলোকক সহায় কৰিব বিচাৰে ৮৮২২৮৫১১০৬ ফোন নম্বৰত যোগাযোগ কৰিবলৈ দিব্যাংগ শিল্পীগৰাকীয়ে অনুৰোধ জনাইছে ।
উল্লেখ্য যে নিজা ভূমি তথা গৃহ নথকা নিধনক প্ৰায় পোন্ধৰ বছৰ পূৰ্বে দৰং জিলাৰ তদানীন্তন উপায়ুক্ত ধ্ৰুৱ হাজৰিকা আৰু পাথৰিঘাট ৰাজহ চক্ৰৰ তদানীন্তন চক্ৰ বিষয়া কল্পনা ডেকাই দেওমৰনৈৰ কুমাৰপাৰা ভূমিহীন চুবুৰীত আঢ়ৈ কঠা চৰকাৰী মাটি আৱন্টন দি বসবাসৰ সুবিধা কৰি দিয়ে ।






























