আৰ্থিক সংকটৰ বাবে বন্ধ হ’ল মুম্বাইৰ অন্যতম প্ৰসিদ্ধ হোটেল হায়াত ৰিজেন্সি । হোটেল কৰ্তৃপক্ষই জনাইছে, পৰিস্থিতি ইমানেই সূচনীয় যে কৰ্মচাৰীকো বেতন দিবলৈ ধন নাই । পৰৱৰ্তী বিজ্ঞপ্তি জাৰি নোহোৱা পৰ্যন্ত হোটেল বন্ধ থাকিব বুলি জনোৱা হৈছে ।
সোমবাৰে এক বিবৃতিত হোটেলৰ মেনেজাৰ হৰদীপ মাৰৱাই জনায়, হোটেল চলাবৰ বাবে স্বত্বাধিকাৰীয়ে টকা পঠোৱা নাই । কৰ্মীসকলৰ বেতনো বন্ধ হৈ গৈছে । সেয়ে উপায়ন্তৰ হৈ হোটেল বন্ধ কৰিবলগীয়া হৈছে । পৰৱৰ্তী জাননী নহা পৰ্যন্ত হোটেল বন্ধ থাকিব বুলি জনায় হৰদীপে ।
মুম্বাইৰ এই বিলাসবহুল হোটেলৰ স্বত্বাধিকাৰী এছিয়ান হোটেলছ (ৱেষ্ট) লিমিটেড । মুম্বাই বিমানবন্দৰৰ কাষত অৱস্থিত এই হোটেল । অতিমাৰীৰ বাবে দেশজুৰি হোটেল ব্যৱসায় ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে । পৰ্যটকৰ সংখ্যাও কমি গৈছে । ফলত ব্যৱসায়ীসকলে আৰ্থিক সংকটত পৰিবলগীয়া হৈছে ।
২০২০তে আৰ্থিক সংকটত পৰে হোটেল ব্যৱসায়ী । পুনৰ উজ্জীৱিত হ’বলৈ লওঁতেই মুখ থেকেচা খাবলগীয়া হয় । হোটেল ব্যৱসায়ৰ লগতে পৰ্যটন বিভাগতো অতিমাৰীৰ ব্যাপক প্ৰভাৱ পৰিছে ।






























