● সপ্তাহধৰি নগৰাঞ্চলত পাঁচ শতাংশ আৰু গ্ৰামাঞ্চলত ১০ শতাংশ লোক ক’ভিড-১৯ত সংক্ৰমিত হ’লে জিলা প্ৰশাসনে সংশ্লিষ্ট অঞ্চলটোক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিব লাগিব ।
● কামৰূপ মহানগৰীত বিয়লি দুই বজাৰ পৰা পাছদিনা পাঁচ বজালৈ সান্ধ্য আইন বলৱৎ থাকিব ।
● বিগত ১০ দিনত আঠখন জিলা দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও আৰু চৰাইদেউত চাৰিশতকৈও কম লোক সংক্ৰমিত হৈছে ।
● এই জিলাসমূহত পুৱা পাঁচ বজাৰ পৰা সন্ধিয়া পাঁচ বজা পৰ্যন্ত চলাচল অব্যাহত থাকিব ।
● সংক্ৰমণ বৃদ্ধি হৈ থকা বিশেষকৈ কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ আৰু নগাঁৱত দৃষ্টি ৰখা হ’ব । পৰিস্থিতি নিয়ন্ত্ৰণ নহ’লে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব ।
● দুয়োটা প্ৰতিষেধক গ্ৰহণ কৰা সকলো চৰকাৰী আৰু বেচৰকাৰী কৰ্মীয়ে কাৰ্যালয়ত উপস্থিত থাকিব লাগিব ।
● কামৰূপ মহানগৰীৰ দোকান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, হোটেল-ৰেস্তোৰাঁ-ধাবা, শ্বপিং মল বিয়লি এক বজালৈ খোলা থাকিব ।
● চাৰিশতকৈ কম সংক্ৰমিত হোৱা আঠখন জিলাত দোকান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, হোটেল-ৰেস্তোৰাঁ-ধাবা, শ্বপিং মল বিয়লি চাৰি বজালৈ খোলা থাকিব । অন্যান্য জিলাসমূহত ১২ বজালৈ খোলা থাকিব ।
● অত্যাৱশ্যকীয়/জৰুৰীকালীন, আইন প্ৰণয়নকাৰী সেৱা আৰু নিৰ্বাচন কাৰ্যৰ স’তে জড়িতসকলৰ ক্ষেত্ৰত এই আইন প্ৰযোজ্য নহ’ব ।
● অন্তঃসত্ত্বা তথা পাঁচ বছৰ বাবে তাতোকৈ কম বয়সৰ সন্তান থকা মহিলাই ঘৰৰ পৰা কাম কৰাৰ সুবিধা লাভ কৰিব ।
● সকলো শিক্ষানুষ্ঠান বিদ্যালয়/মহাবিদ্যালয়/বিশ্ববিদ্যালয়ে অনলাইন পাঠদান কৰিব লাগিব ।
● কোনো বন্ধ বা মুকলি স্থানত সভা বা জনসমাৱেশ হ’ব নোৱাৰিব ।
● বিবাহ বা অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত ১০ জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব ।
● ক’ভিড বিধি অৱলম্বন কৰি ই-কমাৰ্চ সেৱা অব্যাহত থাকিব ।
● আন্তঃজিলা যাতায়ত বন্ধ থাকিব ।
● ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰা বাধ্যতামূলক ।





























