এতিয়াৰে পৰা ৫০ হেজাৰ টকাতকৈ অধিক মূল্যৰ চেক জাৰি কৰিলে কিছুমান তথ্যপাতি উল্লেখ কৰিব লাগিব। দেশৰ প্ৰায়বােৰ বেংকে ‘পজিটিভ পে ছিষ্টেম’ (পি পি এছ) পদ্ধতি প্ৰৱর্তনৰ কথা ঘােষণা কৰিছে।
অহা পহিলা ছেপ্টেম্বৰৰ পৰা এই নতুন ব্যৱস্থা দেশত বেংকসমূহত প্ৰৱর্তিত হ’ব। উল্লেখ্য যে ২০২০ আগষ্টতে ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)-এ চেক জাৰি কৰাৰ ক্ষেত্ৰত পি পি এছ ব্যৱস্থা প্ৰৱর্তনৰ কথা ঘােষণা কৰিছিল।
পি পি এছৰ অধীনত চেক জাৰি কৰা ব্যক্তিয়ে সবিশেষ তথ্যপাতি জমা দিব লাগিব। ৫০ হেজাৰ টকাতকৈ অধিক মূল্যৰ চেক জাৰি কৰিলে সবিশেষ তথ্যপাতি হিচাপে চেক জাৰি কৰ্তাই তাৰিখ, ছয় অংকৰ চেকৰ নম্বৰ, ধনৰ পৰিমাণ, ধন লাভকর্তাৰ নাম আদি উল্লেখ কৰিব লাগিব।
এইসমূহ তথ্যপাতি বেংকৰ শাখালৈ গৈ অথবা ইণ্টাৰনেট বেংকিং বা ম’বাইল বেংকিঙৰ জৰিয়তে জমা দিব পাৰিব। একাংশ বেংকে গ্রাহকক এছ এম এছ, এ টি এম অথবা ই-মেইলৰ জৰিয়তে তথ্যপাতি প্ৰদানৰ সুবিধা আগবঢ়াইছে। চেকযােগে লেনদেন ব্যৱস্থা অধিক সুৰক্ষিত কৰি তােলাৰ উদ্দেশ্যৰে আৰ বি আয়ে দেশত পি পি এছ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে।






























