পুনৰ আইনী বিপাকত জনপ্ৰিয় ইউটিউবাৰ কেৰী মিনাতি (Carry Minati)ভিডিঅ’ত মহিলাসকলৰ প্ৰতি অশ্লীল মন্তব্যৰ বাবে আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।
কেৰীৰ বিৰুদ্ধে এই অভিযোগ কৰিছে দিল্লীৰ এজন অধিবক্তাই । তেওঁ অভিযোগ কৰিছিল যে অনলাইন প্লেটফৰ্মত কেৰী মিনাতিয়ে কৰা ভিডিঅ’বোৰত মহিলাসকলৰ বিৰুদ্ধে কুৎসিত মন্তব্য কৰা হৈছে।
কেৰী মিনাতিক একাধিক অপৰাধ আইন (Criminal Act)ৰ অধীনত অভিযুক্ত কৰা হৈছে। তথ্য অনুসৰি দিল্লীৰ অধিবক্তা গৌৰৱ গুলাথিয়ে তেওঁৰ বিৰুদ্ধে ৩,৫৪,৫০৯,২৯৩ আৰু ৩/৬/৭ ধাৰাৰ অধীনত অভিযোগ দাখিল কৰিছে ।
অভিযোগত, অধিবক্তাজনে কয় যে, কেৰীয়ে ইউটিউবত আপত্তিজনক ভিডিঅ’ প’ষ্ট কৰে।
তেওঁ কেৰীৰ বিৰুদ্ধে তাত মহিলাসকলৰ প্ৰতি কুৎসিত মন্তব্য আৰু যৌন ইংগিত প্ৰদৰ্শন কৰাৰ বাবে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।টুইট কৰি অভিযোগৰ ডায়েৰীৰ বিষয়েউ উল্লেখ কৰিছে অধিবক্তাজনে ।
যদিও এইটো প্ৰথম বাৰৰ বাবে নহয়। ইয়াৰ আগতে, ২০২০ চনত, কেৰী মিনাতিয়ে ইউটিউবৰ স’তে টিকটকক তুলনা কৰি বিপাঙত পৰিছিল।