Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

কৃষি আইন বাতিল : কাৰ জয়, কাৰ পৰাজয় ?

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
November 22, 2021
in Opinion
Reading Time: 1 min read
0
কৃষি আইন বাতিল : কাৰ জয়, কাৰ পৰাজয় ?
2
SHARES
19
VIEWS
ShareShareShareShare

এখন চৰকাৰে পৰিস্থিতি আৰু প্ৰয়োজন সাপেক্ষে কোনো আইন প্ৰণয়ন, সংশোধন অথবা প্ৰত্যাহাৰ কৰাটো গণতান্ত্ৰিক শাসন পদ্ধতিত কোনো অস্বাভাৱিক ঘটনা নহয় । ইয়াত কাৰোবাৰ জয়-পৰাজয়ৰ প্ৰশ্ন‌ও অবান্তৰ; কিন্তু যোৱা শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহু বিতৰ্কিত সিদ্ধান্ত ঘোষণা কৰাৰ লগে লগে ইয়াকে লৈ যথেষ্ট হুলস্থূলৰ সৃষ্টি হৈছে । ইয়াৰ লগে লগে এই আইন বাতিলৰ সিদ্ধান্তত কৃষকসকলৰ নে চৰকাৰৰ নে বিৰোধীৰ জয় অথবা পৰাজয় ঘটিল তাক লৈও হিচাপ-নিকাচ চলিছে । এনে পৰিৱেশ সৃষ্টিৰ সুযোগ মে স্বয়ং প্ৰধানমন্ত্ৰী মোদী আৰু শাসক পক্ষ‌ই উলিয়াই দিছে তাৰ ব্যাখ্যা নিষ্প্ৰয়োজন ।

ADVERTISEMENT

দীৰ্ঘদিন ধৰি দেশৰ কৃষিখণ্ডত ব্যাপক সংস্কাৰৰ প্ৰয়োজন হৈ আহিছে । কৃষক সমাজৰ লগতে বিভিন্ন দল-সংগঠন এনে সংস্কাৰৰ দাবীত সৰৱ হৈ আহিছে । এনে সংস্কাৰৰ অবিহনে কৃষকে সন্মুখীন হৈ অহা সমস্যাসমূহ আঁতৰ কৰাটো সম্ভৱ নহয় । ইয়াৰ পৰিপ্ৰেক্ষিতত বহু প্ৰত্যাশিত সংস্কাৰৰ নাম লৈ মোদী চৰকাৰে তিনিখন নতুন কৃষি আইন প্ৰণয়ন কৰে । কিন্তু এই আইন প্ৰণয়নৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলীয়ে আৰম্ভণিৰে পৰা বিভিন্ন প্ৰশ্নৰ উদ্ৰেক । ঘটাইছে । কিয়নো চৰকাৰে ২০২০ৰ জুনত অধ্যাদেশযোগে এই আইনসমূহ কাৰ্যকৰী কৰে । এনে লৰা-ঢপৰাই বিভিন্ন মহলৰ মনত সন্দেহৰ বীজ ৰোপণ কৰে ।

RelatedPosts

বোমা বিস্ফোৰণৰ হুমকি— প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ শীৰ্ষ নেতাসকল লক্ষ্য

সংৰক্ষণ বিধেয়ক ব্যর্থ কৰি ভ্রূণহত্যা বিৰোধীৰ

Dainik Agradoot Today’s Edition – 19th April

পৰৱৰ্তী পৰ্যায়ত সংসদত একক সংখ্যাগৰিষ্ঠতাত সুযোগ লৈ চৰকাৰে ইয়াক অনায়াসে গৃহীত কৰে; কিন্তু এই আইন গৃহীত কৰাৰ সময়ত চৰকাৰে বিৰোধীক আস্থাত লৈ সংসদত যথাযথভাৱে আলোচনাৰ সুযোগ নিদিলে । একেদৰে কৃষক সমাজৰ প্ৰতিনিধিৰ স’তেও এই আইনৰ সম্পৰ্কত প্ৰয়োজনীয় আলোচনা কৰা নহ’ল । উদ্দেশ্য যিহেতু কষক আৰু কৃষিখণ্ডৰ উন্নয়ন, তেন্তে তেওঁলোকৰ স’তে আলোচনা তথা পৰামৰ্শ গ্ৰহণত অৱহেলাত কিয় কৰা হ’ল সেয়াহে বোধগম্য নহ’ল । ফলস্বৰূপে এই আইনে কৃষকৰ স্বাৰ্থৰ পৰিৱৰ্তে বৃহৎ কৰ্প’ৰেট গোষ্ঠীৰহে স্বাৰ্থ পূৰণ কৰিব বুলি সংগঠনসমূহে সৰৱ হৈ উঠে ।

তদুপৰি কৃষিভূমি পৰ্যায়ক্ৰমে কৰ্প’ৰেট গোষ্ঠীৰ কুক্ষিগত হ’ব বুলি কৃষকসকল শংকিত হৈ পৰে । ইয়াৰ বিপৰীতে কৃষক সমাজে দীৰ্ঘদিন ধৰি দাবী কৰি অহা উৎপাদিত ফচলৰ বিপৰীতে ন্যূনতম সমৰ্থিত মূল্য (এম‌এছপি) নিশ্চিতকৰণৰ কোনো ব্যৱস্থা এই আইনৰ অন্তৰ্ভুক্ত কৰা নহ’ল । ইয়াৰ উপৰি কৃষক সমাজ কোনো বিবাদৰ সন্মুখীন হ’বলগীয়া হ’লে তাৰ মীমাংসাৰ ক্ষেত্ৰতো কোনো ধৰণৰ সুচল আৰু কাৰ্যকৰী ব্যৱস্থা এই আইনে নিশ্চিত নকৰিলে । ফলস্বৰূপে তিনিওখন কৃষি আইনৰ বিৰুদ্ধে কৃষক সংগঠনসমূহ একত্ৰিত হৈ ইয়াৰ প্ৰত্যাহাৰৰ দাবীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে । যোৱা এবছৰৰো অধিক কাল ধৰি ঘাইকৈ পঞ্জাৱ, হাৰিয়ানা আৰু পশ্চিম উত্তৰ প্রদেশৰ কৃষকসকলে নিৰৱিচ্ছিন্নভাৱে এই কৃষি আইন বাতিলৰ দাবীত আন্দোলন কৰি আহিছে ।

এই সময়ছোৱাত সাত শতাধিক কৃষক ছহিদ হোৱা বুলি সংগঠনসমূহে প্ৰকাশ কৰিছে । বিৰোধী দল-সংগঠনসমূহেও কৃষক সংগঠনসমূহলৈ সমৰ্থন প্ৰকাশ কৰি এই আইন বাতিলৰ দাবীত সৰৱ হৈ আহিছে আৰু চৰকাৰৰ ওপৰত তীব্ৰ চাপ সৃষ্টি কৰিছে । কেন্দ্ৰত শাসনাধিষ্ঠিত এনডিএৰ পৰা অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰ শিৰোমণি আকালি দলে আনকি এই আইন বাতিলৰ দাবীত মন্ত্ৰীসভাই নহয়, মৰ্চাও ত্যাগ কৰে । তদুপৰি ৰাজ্যসমূহকো আস্থাত লোৱা নহ’ল । কৃষি বিষয়টো ৰাজ্যৰহে বিষয়; সেয়েহে সংসদত পূৰ্ণ সংখ্যাগৰিষ্ঠতা থাকিলেও এই কথা পাহৰিলে নচলিব যে দেশৰ ২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ১৬ গৰাকীয়েই অবিজেপি । গতিকে ভাৰতৰ দৰে যুক্তৰাষ্ট্ৰীয় গাঁথনিত এনে সিদ্ধান্ত বাধাগ্ৰস্ত হোৱাটো নিশ্চিত । দেশৰ প্ৰায় অৰ্ধেক জনসংখ্যা প্ৰত্যক্ষভাৱে জড়িত কৃষিৰ দৰে এক গুৰুত্বপূৰ্ণ বিষয়ক লৈ চৰকাৰে বেপৰোৱা আচৰণ প্ৰদৰ্শন কৰিবলৈ যোৱাটো দুঃসাহসৰে নামান্তৰ । অধিকসংখ্যক আসনসহ দ্বিতীয়বাৰলৈ ক্ষমতাধিষ্ঠিত হোৱা মোদী চৰকাৰে তেনে পদক্ষেপ হাতত লৈয়ে অৱশেষত পিছ হোঁহকিবলগীয়া হ’ল ।

বিড়ম্বনা এয়ে যে এই আইন কেইখন কৃষিখণ্ড আৰু কৃষকক লৈয়ে প্ৰস্তুত কৰা হৈছে অথচ কৃষক সমাজেই ইয়াক লৈ সন্তুষ্ট নহয় । গতিকে প্ৰথম প্ৰশ্নটোৱে হৈছে যে যাক লৈ এই আইন প্ৰণয়ন কৰা হৈছে, তেওঁলোকেই যদি তাৰ বিৰোধিতা কৰিছে, তেন্তে সেই আইনৰ প্ৰয়োজন কি ? সেই কথা মানি লোৱাৰ বিপৰীতে শাসকপক্ষ‌ই কৃষক সংগঠন তথা কৃষক সমাজক মুকলি প্ৰত্যাহ্বান জনালে আৰু ইয়ে পৰিস্থিতি অধিক জটিল হৈ উঠাত অৰিহণা যোগালে । প্ৰথমৰ পৰাই এই আইন কোনো পৰিস্থিতিত বাতিল কৰা নহ’ব বুলি চৰকাৰে স্পষ্ট কৰি দিয়াৰ ফলত কৃষক সংগঠনৰ নেতৃত্বৰ স’তে আলোচনা আগবঢ়াই নিয়াৰ মুদা মৰিল । কথাই কথাই আন্দোলনকাৰী কৃষকসকলক ঠাট্টা-বিদ্ৰোপৰ পাত্ৰ কৰি তোলা হ’ল । কৃষকসকলক বিচ্ছিন্নতাবাদী খালিস্তানী সন্ত্ৰাসবাদীৰ পৰা আৰম্ভ কৰি দালাল, মধ্যভোগী, বিদেশী শক্তিৰ দ্বাৰা মদতপুষ্ট আদি আখ্যা দিয়াতে ক্ষান্ত নাথাকি স্বয়ং প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক আন্দোলনজীৱি বুলি কটাক্ষ কৰিলে ।

সমান্তৰালভাৱে বিভিন্ন কৌশলেৰে চাপ সৃষ্টি আৰু ভাবুকি প্ৰদানতো শাসকপক্ষ পিছ হোঁহকি নাথাকিল । দেশৰ অন্নদাতাসকলক দেশৰ শত্ৰুৰূপে চিহ্নিত কৰি তুলিবলৈ চেষ্টাৰ কোনো ত্ৰুটি কৰা নহ’ল । চৰকাৰৰ তেনে অবিবেচকী কাৰ্য যে বুমেৰাং হ’ল, সেয়া প্ৰধানমন্ত্ৰী মোদীৰ আইন বাতিলৰ ঘোষণাই স্পষ্ট কৰি দিলে । প্ৰধানমন্ত্ৰীয়ে এই সিদ্ধান্ত ঘোষণাৰ সময়ত কৈছে যে চৰকাৰে আইনকেইখনৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কত একাংশ কৃষকক পতিয়ন নিয়াব নোৱাৰিলে । দৰাচলতে চৰকাৰে কৃষক সমাজৰ মাজত বিশ্বাসযোগ্যতাহে গঢ়ি তুলিব নোৱাৰিলে । আইন প্ৰণয়নৰ আৰম্ভণিৰ পৰাই চৰকাৰ নিজেই বিশ্বাসহীনতাৰ পৰিৱেশ সৃষ্টি কৰিলে ।

সাম্প্ৰতিক কালৰ ৰাজনৈতিক দল সমূহৰ মাজত এনে এক বদ্ধমূল ধাৰণাৰ সৃষ্টি হৈছে যে ক্ষমতাৰ জৰিয়তে সকলোকে বশ কৰা সম্ভৱ । ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত কাৰ্যসূচী হ’লে বহু সময়ত সি হয়তো সম্ভৱ হ’ব পাৰে; কিন্তু কৃষকৰ আন্দোলনটো কৃষি আৰু কৃষকৰ স্বাৰ্থজড়িত হোৱা হেতুকে শাসক পক্ষৰ এই ধাৰণাত ই আউল লগালে । কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ স’তে আলোচনাৰ সময়তো কৃষক নেতাসকলে নিজৰ দৃঢ় স্থিতি অক্ষুণ্ণ ৰাখে । আনকি এই আলোচনাৰ বিৰতিত চৰকাৰে আগবঢ়োৱা আহাৰ গ্ৰহণৰ পৰাও তেওঁলোক বিৰত থাকে । আলোচনা অনুষ্ঠিত হোৱা বিজ্ঞান ভৱনৰ মজিয়াত বহি তেওঁলোকে সমীপৰ গুৰুদ্বাৰৰ পৰা যোগান ধৰা খাদ্যহে গ্ৰহণ কৰে ।

সাধাৰণতে এনেবোৰ আলোচনাতে শাসক পক্ষ‌ই বৰফ গলোৱাৰ সুৰুঙা উলিয়াই লয় আৰু সেই মতে অগ্ৰসৰ হয়; কিন্তু কৃষক নেতাসকলে এনে কোনো সুযোগেই নিদিলে কেন্দ্ৰীয় মন্ত্ৰীসকলক । বৰঞ্চ চৰকাৰৰ অবাঞ্চিত আচৰণে কৃষকসকলক অধিক দৃঢ় কৰি তোলাৰ লগতে কোনো ধৰণৰ বুজাবুজিলৈ অহাৰ পৰা বহু দূৰলৈ আঁতৰাই পঠিয়ালে । দৰাচলতে এই কৃষি আইনকেইখনে জন্মৰ সময়তে মৃত্যুৰ বাৰ্তা কঢ়িয়াই আনিছিল বুলি ক’লেও অত্যুক্তি কৰা নহয় । চৰকাৰৰ এনে ভূমিকাৰ বিপৰীতে কৃষক সমাজে সকলো বাধা-অপবাদ-ভাবুকি নেওচি নিজৰ স্থিতিত অটল থকাৰ পৰিপ্ৰেক্ষিতত অৱশেষত আইন বাতিলৰ ঘোষণা কৰিবলৈ প্ৰধানমন্ত্ৰী বাধ্য হ’ল । গতিকে কৃষকে নিবিচৰা কৃষি আইন বাতিলৰ সিদ্ধান্ত ইমানকৈ চৰ্চিত হোৱাৰ কাৰণ নাছিল যদিও আৰম্ভনিৰে পৰা এই সমগ্ৰ কালছোৱাত চৰকাৰৰ আচৰণ আৰু ভূমিকাই ইয়াত জয়-পৰাজয়ৰ হিচাপ-নিকাচৰ পৰ্যায়লৈ ঠেলি দিলে ।

আনহাতে, এই আইন বাতিলৰ সিদ্ধান্ত‌ই আন এক দিশ দেশবাসীৰ সন্মুখত উন্মোচিত কৰিলে । সততে এগৰাকী দৃঢ় ৰাষ্ট্ৰনেতাৰ ভাৱমূৰ্তি গঢ়ি তোলা প্ৰধানমন্ত্ৰী মোদীয়ে এনেদৰে নিজৰ সিদ্ধান্তকে বাতিল কৰিবলগীয়া হোৱাটোৱে ভাৰতীয় গণতন্ত্ৰৰ প্ৰহসনকে দাঙি ধৰিলে । কৃষক আন্দোলনৰ প্ৰতি অনমনীয় হৈ থকা মোদীয়ে যে পঞ্জাৱ, উত্তৰ প্রদেশ আদি ৰাজ্যত আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আকস্মিকভাৱে কৃষি আইন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ’ল সেয়া স্পষ্ট । যোৱা এবছৰ কাল ধৰি আন্দোলনৰত কৃষকসকল এসময়ত হতাশাগ্ৰস্ত হৈ নিজে ছত্ৰভংগ দিব বুলি আশা কৰি থকা চৰকাৰে কাৰ্যক্ষেত্ৰত তেনে সম্ভাৱনা নেদেখি আৰু নিৰ্বাচনো চমু চাপি অহাৰ ফলত এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ’ল ।

কৃষক সমাজে ব্যাপক প্ৰভাৱ বিস্তাৰ কৰা উক্ত ৰাজ্যখনৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অৱশ্যে এনে সিদ্ধান্তক ‘মাষ্টাৰষ্ট্ৰোক’ বুলি শাসক পক্ষ‌ই গণ্য কৰাটো অস্বাভাৱিক নহয় । কিয়নো কৃষক ৰাইজৰ বিৰোধে উক্ত ৰাজ্যকেইখনত বিজেপিক বিপৰ্যয়ৰ গৰাহলৈ ঠেলি দিব বুলি দলৰ ভিতৰে-বাহিৰে চৰ্চা চলি আহিছে । নিৰ্বাচনৰ তৎপৰতা আৰম্ভ হোৱাৰ সময়তে আইন বাতিলৰ মোদীৰ এই সিদ্ধান্ত‌ই নিৰ্বাচনত দললৈ সুফল কঢ়িয়াই আনিব বুলি শাসকপক্ষৰ মাজত আশাৰ সঞ্চাৰ হৈছে; কিন্তু ৰাজনৈতিক বাধ্য-বাধকতাত পৰি এনেদৰে দৃঢ় সিদ্ধান্তকো সলনি কৰি মোদীয়ে নিজৰ ভাৱমূৰ্তি হেৰুৱাই পেলালে বুলিও চৰ্চা চলিছে । ইয়াৰ পূৰ্বেও বিভিন্ন গুৰুতৰ বিতৰ্ক তথা ব্যৰ্থতাৰ সন্মুখীন হোৱা স্বত্ত্বেও মোদীয়ে কোনো চাপৰ সমুখত শিৰনত কৰা নাই ।

গুজৰাটৰ মুখ্যমন্ত্ৰীৰূপে ৰাজ্যখনত সংঘটিত হোৱা ভয়াৱহ সাম্প্ৰদায়িক সংঘৰ্ষ, দেশৰ অৰ্থনীতি ভাঙি পেলোৱা বুলি অভিযোগ উত্থাপিত হোৱা বিমুদ্ৰাকৰণ-জিএছটি, সংশোধিত নাগৰিকত্ব আইন আদি বিষয়তো মোদী বিগত কালছোৱাত প্ৰচণ্ড চাপৰ সন্মুখীন হৈছে যদিও এইবোৰৰ কোনোটোতে তেওঁ ক্ষমা বিচৰা দূৰৰে কথা, ব্যৰ্থতা স্বীকাৰ অথবা দুখ প্ৰকাশো কৰা নাই ।

শেহতীয়াভাৱে ক’ভিডসৃষ্ট পৰিৱেশত গ্ৰহণ কৰিবলগীয়া হোৱা কঠোৰ ব্যৱস্থাৱলী আৰু তাৰ বাবে দেশবাসীয়ে ভুগিবলগীয়া হোৱা সমস্যাৰ বাবে প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ক্ষমা প্ৰাৰ্থনা বিচাৰে; কিন্তু ই সম্পূৰ্ণৰূপে অৰাজনৈতিক আৰু প্ৰাকৃতিক বিষয় আছিল । ঘোষণাৰ আগমুহূৰ্তলৈ কঠোৰ স্থিতিত থকা মোদীয়ে আকস্মিকভাৱে কৃষি আইনকেইখন বাতিলৰ সিদ্ধান্ত ঘোষণা কৰি দেশবাসীক চমকিত কৰে । গণতন্ত্ৰত ৰাইজৰ ইচ্ছাতকৈ মে শক্তিশালী আৰু একো নাই সেই কথা ক্ষমতাসীনসকলে মনত ৰখা উচিত । ৰাইজৰ কণ্ঠ শুনিবলৈ চকু-কাণ খোলা ৰখাটো সেয়েহে জৰুৰী । ৰাইজৰ ধাৰণাৰ ওপৰত ভিত্তি কৰিহে বিশেষজ্ঞৰ পৰামৰ্শ অথবা নীতিগত সিদ্ধান্ত গ্ৰহণ বাঞ্ছনীয় ।

আনহাতে, এই অপৰাজেয় সংগ্ৰামে পঞ্জাৱকে ধৰি হিন্দী বলয়ৰ কৃষকসকলে আন্দোলন কেনে দৃঢ়তাৰে কৰিব লাগে তাৰো দৃষ্টান্ত দেশবাসীৰ সন্মুখত দাঙি ধৰিলে । অৱশ্যে ১৮৯৪ত ফুলগুৰি আৰু ১৮৬১ত পথৰুঘাটত সংগ্ৰামী অসমীয়া কৃষকসকলেও তেনে দৃঢ়তা প্ৰদৰ্শন কৰি বিদ্ৰোহৰ ইতিহাস ৰচি গৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dainik AgradootFarmers ProtestNarendra Modipranjal sen dekaThree Farm Law
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d