চৰকাৰৰ ই-শ্ৰম প’ৰ্টেলত পঞ্জীকৃত অসংগঠিত শ্ৰমিকৰ পৰিসংখ্যা অচিৰে ১০ কোটিৰ অধিক হ’ব । বৰ্তমানে ই-শ্ৰম প’ৰ্টেলত পঞ্জীকৃত শ্ৰমিকৰ সংখ্যা হৈছে ৯.৯ কোটি ।
শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়ে এই ই-শ্ৰম প’ৰ্টেল মুকলি কৰিছে । ই-শ্ৰম প’ৰ্টেল হৈছে আধাৰৰ স’তে জড়িত দেশৰ অসংগঠিত খণ্ডৰ শ্ৰমিকৰ এক ৰাষ্ট্ৰীয় ডেটাবেছ ।
যোৱা ২৬ আগষ্টত এই প’ৰ্টেলটো মুকলি কৰা হৈছিল । যোৱা দেওবাৰে ১৩.৯৭ লাখ শ্ৰমিকে এই প’ৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিছিল । সামুহিক সেৱা কেন্দ্ৰৰ জৰিয়তে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলে নিজৰ নাম ই-শ্ৰম প’ৰ্টেলত পঞ্জীয়ন কৰাব পাৰিব ।
আধাৰ কাৰ্ড, আধাৰ কাৰ্ডৰ স’তে সংযুক্ত ম’বাইল নম্বৰ আৰু বেংক একাউণ্টৰ জৰিয়তে পঞ্জীকৰণ কৰা হয় । পঞ্জীকৃত শ্ৰমিকসকলে দুই লাখ টকালৈকে দুৰ্ঘটনাৰ বীমা লাভ কৰিব । ১৬ৰ পৰা ৬০ বছৰ বয়সৰ অসংগঠিত শ্ৰমিকসকলে নিজৰ নাম ই-শ্ৰম প’ৰ্টেলত পঞ্জীয়ন কৰাব পাৰিব ।






























