Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

এনে অনিশ্চয়তাৰ অৱসান কেতিয়া ?

প্রাঞ্জলসেন ডেকা

publisher by publisher
December 6, 2021
in Opinion
Reading Time: 1 min read
0
এনে অনিশ্চয়তাৰ অৱসান কেতিয়া ?
2
SHARES
19
VIEWS
ShareShareShareShare

‘দাদা, মােৰ ২৮ জন কর্মচাৰী আছিল; এতিয়া তাৰে মাত্র চাৰিজনহে ৰাখিব পাৰিছাে। সব শেষ হৈ গ’ল ! নাজানাে কি হ’বলৈ গৈ আছে !’ গৃহ নির্মাণৰ সামগ্ৰীৰ ব্যৱসায় কৰা অনুজ এজনে সেইদিনা এনেদৰে কৈ হুমুনিয়াহ কাঢ়িলে।

ADVERTISEMENT

তেওঁ আৰু ক’লে যে বেছ দীঘলীয়া সময় ধৰি ব্যৱসায় একেবাৰে বেয়া। কৰ’না আৰু তলাবন্ধই তেওঁৰ ৰমৰমীয়া ব্যৱসায়ত ৰামটাঙোন শােধালে। শিক্ষা সমাপ্ত কৰাৰ পাছত চৰকাৰী চাকৰিৰ আশাত ৰৈ নাথাকি নিজাববীয়াকৈ ব্যৱসায়ত নামি যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হয়।

RelatedPosts

Dainik Agradoot Today’s Edition – 19th April

Dainik Agradoot Today’s Edition – 14th April

Dainik Agradoot Today’s Edition – 12 April 2026

ব্যৱসায় বৃদ্ধিৰ লগে লগে এজন দুজনকৈ ২৮ জন লােকক তেওঁ নিজৰ ব্যৱসায়ত সংস্থাপন দিয়ে; কিন্তু আকস্মিক অতিমাৰীয়ে সকলাে ধূলিসাৎ কৰি পেলালে। ব্যৱসায়ৰ মূলধনৰ বাবে বেংকৰ পৰা যথেষ্ট পৰিমাণৰ ঋণাে গ্রহণ কৰিছে।

এতিয়া ব্যৱসায় নিম্নগামী হােৱাৰ পাছতাে বেংকৰ ঋণৰ বােজা, জি এছ টি আদি কৰ-কাটলৰ কেঁকোৰা চেপাত উৱাদিহ নােপােৱা হৈছে। ফলস্বৰূপে যথেষ্ট মানসিক চাপত ভুগিছে।

বিভিন্ন ব্যৱসায়ত জড়িত হেজাৰ হেজাৰ লােকৰ এইটো এটা কাহিনীহে। দৰাচলতে অধিকাংশ ব্যৱসায়ীৰ সন্মুখতে একেই প্রত্যাহ্বান। ব্যৱসায় পূর্বৰ ৰূপ পাবলৈ আৰু কিমান দিনৰ প্রয়ােজন হ’ব অথবা সেই পর্যায় পাবগৈ নে নাই তাক লৈ কোনেও সামান্যতমাে নিশ্চিত হ’ব পৰা নাই।

সমগ্ৰ দেশতে কৰ’না অতিমাৰীয়ে যি বিৰূপ প্ৰভাৱ পেলাই থৈ গ’ল, তাৰ আৰু অধিক বিষম ফল আহিবলৈ আৰম্ভহে হৈছে। আগন্তুক দিনত পৰিস্থিতি অধিক জটিল হােৱাৰ আশংকা নুই কৰিব নােৱাৰি।

কৰ’নাৰ দুটাকৈ ঢৌৱে যােৱা ডেৰ বছৰৰাে অধিক কাল ধৰি সকলােকে জোকাৰি যােৱাৰ পাছত আৰু এক বৃহৎ সংখ্যক লােকে প্রতিষেধক গ্রহণ কৰাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি সামান্য উন্নত হ’ব বুলি সকলােৱে আশা কৰিছিল; কিন্তু সম্প্রতি কৰ’নাৰ আটাইতকৈ শক্তিশালী আৰু চতুর্থতম প্রজাতি বুলি বিশেষজ্ঞসকলে চিনাক্ত কৰা অ’মিক্রনৰ আৱির্ভাৱে পুনৰ অনিশ্চয়তাৰ সৃষ্টি কৰিছে।

দক্ষিণ আফ্রিকাত প্ৰথমবাৰৰ বাবে ধৰা পৰা এই ভাইৰাছ ইতিমধ্যে ভাৰতকে ধৰি প্রায় ৪০ খন দেশলৈ বিয়পিছে। পূর্বৰ ডেল্টা অথবা ডেল্টা প্লাছ প্রজাতিতকৈ কে’বাগুণ অধিক ক্ষিপ্রতাৰে আৰু শক্তিশালীভাৱে সংক্রমিত হােৱা অ’মিক্রন ভাইৰাছ অধিক বিস্তাৰিত হ’বলৈ হ’লে পৰিস্থিতিয়ে কি ৰূপ লয়গৈ তাকে লৈ উদ্বেগৰ শেষ নাই।

ফলস্বৰূপে ইতিমধ্যে জর্জৰিত হৈ থকাসকলে কিদৰে নিজকে উদ্ধাৰ কৰিব, তাকে লৈ চৰম অনিশ্চয়তাত ভুগিবলগীয়া হৈছে। চৰকাৰী বিষয়া-কৰ্মচাৰীকে ধৰি এচাম নিশ্চিত আয়ৰ লােক, ক্ষমতাশীল ৰাজনীতিক আৰু তেওঁলােকৰ চেলা-চামুণ্ডাসকলৰ বাহিৰে আন অধিকাংশ লােকেই হতাশাত ভুগিবলগীয়া হৈছে।

এক চৰম অনিশ্চিত জীৱন কটাবলগীয়া হৈছে। এনে অনিশ্চয়তাৰ মাজতে ইন্ধনৰ লগতে নিত্য প্রয়ােজনীয় খাদ্যসামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে গৰিষ্ঠ সংখ্যক লােককে বিপর্যস্ত কৰি তুলিছে; অথচ ইয়াৰ বিপৰীতে অধিকাংশৰে উপার্জন হ্রাস পাইছে।

তাৰেই বহুতে কর্মসংস্থাপনহীন হৈ অথই সাগৰত পৰিছে। পৰিস্থিতিয়ে এনে বিষম ৰূপ ধাৰণ কৰিছে যে বহুতেই এতিয়া মৰিব নােৱাৰে কাৰণেহে জীয়াই থকাৰ দৰে হৈছে। ইমান কষ্টেৰে মৰি মৰি জীয়াই আছে, কাৰণ মৃত্যুৰ বাবে অধিক সাহস আৰু কষ্টৰ প্রয়ােজন।

সামান্যতমাে আশাহীন জীৱন জীয়াই থকাৰ কোনাে কাৰণ নাই অথচ মৃত্যুক আঁকোৱালি লােৱাৰাে উপায় নাই; গতিকে জীয়াই আছে।

ইয়াৰ বিপৰীতে ক্ষমতা-ধন-দৌলতৰ পিছে পিছে এচামৰ অন্তহীন দৌৰে এক নতুন ধৰণৰ অস্থিৰতাৰ পৰিৱেশৰ জন্ম দিছে। মহাত্মা গান্ধীয়ে সোঁৱৰাই গৈছে যে প্রত্যেকজন মানুহ স্বাচ্ছন্দ্যভাৱে জীয়াই থাকিবলৈ পৃথিৱীত পর্যাপ্ত সম্পদৰ অভাৱ নাই; কিন্তু এই সমস্ত সম্পদো এজন মানুহৰ খক পূৰাবলৈ যথেষ্ট নহয়।

এতিয়া আৰু গান্ধীও নাই, নাই তেওঁৰ বাণীও! এনে এক পৰিৱেশত ক্ষমতা অথবা ধন-দৌলত আহৰণেই এচামৰ বাবে জীৱনৰ একমাত্র লক্ষ্যত পৰিণত হৈছে। তাৰ বাবে যিকোনাে পর্যায়লৈ নামিবলৈ সেইসকলে কুণ্ঠাবােধ কৰা নাই।

কেৱল অর্থ সংকটেই এনে বিপর্যয়ৰ একমাত্র কাৰণ হৈ থকা নাই। সম্প্রতি সমাজত এক অবিশ্বাসৰ বাতাবৰণ এনেদৰে শিপাইছে যে মানুহৰ মাজৰ সহৃদয়তা, সহযােগিতা আদিৰ দৰে স্বাভাৱিক গুণবােৰ হেৰাই গৈছে।

যােৰহাটৰ উদীয়মান ছাত্রনেতা অনিমেষ ভূঞাৰ নৃশংস হত্যাকাণ্ডই তাকেই উদঙাই দিয়া নাইনে? এনে ঘটনাক বিচ্ছিন্নভাৱে বিচাৰ কৰি চাব নােৱাৰি।

অনিমেষ হত্যাকাণ্ডই কেতবােৰ প্ৰশ্নৰাে উদ্রেক ঘটাইছে। এই ঘটনাক নেতৃত্ব দিয়া বুলি অভিযুক্ত হৈ ইতিমধ্যে আৰক্ষীৰ গাড়ীৰ খুন্দাত ৰহস্যজনকভাৱে প্ৰাণ হেৰুওৱা ‘ক’লা ল’ৰা’ ওৰফে নিৰজ দাসৰ ক্ষেত্ৰতে এনে প্রশ্ন উত্থাপিত হৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰিছে যে নিৰজ দাসৰ বিৰুদ্ধে ৯০টাৰাে অধিক অপৰাধৰ গােচৰ ৰুজু হৈ আছিল। তৎসত্ত্বেও এনে এজন লােকে কিদৰে যােৰহাটৰ মাজমজিয়াত এনেদৰে মুকলিকৈ ঘূৰি আৰু এটা নৃশংস ঘটনা সংঘটিত কৰিবলৈ সক্ষম হ’ল, তাৰ উত্তৰ কোনে দিব ?

ধাৰাবাহিকভাৱে অপৰাধত জড়িত হৈ অহাসকলক নিয়ন্ত্ৰণৰ বাবে দৈনিক আৰক্ষী থানাত হাজিৰা দিয়াৰ নিয়মৰ লগতে সেইসকলৰ ওপৰত আৰক্ষীয়ে কঠোৰ দৃষ্টি ৰখা দেখা যায়।

তেন্তে নিজ দাসৰ ক্ষেত্ৰত তেনে সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা নহ’ল কিয় ? তদুপৰি বিগত প্রায় ছমাহত ঘাইকৈ ড্ৰাগছ সৰবৰাহত জড়িত কে’বাজনাে অভিযুক্তক আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়ত গুলিবিদ্ধ কৰা হৈছে; কিন্তু এনেবােৰ ঘটনাই আৰক্ষী বাহিনীৰে দুর্বলতা উদঙাই দিয়া নাই নে ?

কিয়নাে এজন ধৃত অভিযুক্তই কিদৰে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্ট কৰাৰ সুযােগ লাভ কৰিব পাৰে? নিৰপেক্ষভাৱে চাবলৈ গ’লে এই সমগ্র ঘটনাৱলীত আৰক্ষীৰ শিথিলতাই প্রকট হয়।

এজনাে অপৰাধী থকাটো কোনাে সভ্য সমাজৰে কাম্য নহয়; কিন্তু অপৰাধ ৰােধৰ ক্ষেত্ৰত কর্তৃত্বপ্রাপ্ত সংশ্লিষ্টসকলে কি দায়িত্ব পালন কৰিছে ?

নতুন চৰকাৰে কার্যভাৰ গ্ৰহণৰ পাছৰে পৰা কেতবােৰ অপৰাধৰ বিৰুদ্ধে চকুত লগা অভিযান চলােৱা হৈছে। সর্বাধিক গুৰুত্ব আৰােপ কৰা হৈছে ড্ৰাগছ বিৰােধী অভিযানত। এই কথা ইতিমধ্যে কোৱা হৈছে যে অসম বিগত বেছ কিছু বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহৰ কৰিড’ৰত পৰিণত হৈছে।

ইয়াৰ সমান্তৰালভাৱে ৰাজ্যত ড্ৰাগছ সেৱনকাৰীৰ সংখ্যাও বৃদ্ধি পাইছে। সেয়েহে ড্রাগছ বিৰােধী অভিযানে অসমবাসীক আশ্বস্ত কৰাৰেই কথা; কিন্তু তাৎপর্যপূর্ণ এয়ে যে একেখিনি আৰক্ষীৰ সন্মুখতেই ইমান দিনে এই ড্রাগছৰ বেহা চলি আহিছে কেনেকৈ।

বর্তমানেও ই বন্ধ হােৱা নাই কিয়? তাৰ মাজতে শেহতীয়া এই সময়ছােৱাত কোটি কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে যথেষ্ট সংখ্যক সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰা হৈছে।

একেদৰে ৰাজ্যখনত একপ্রকাৰ আতংকৰ সৃষ্টি কৰি অহা একাংশ মাটিৰ দালালকে গ্রেপ্তাৰ কৰা হৈছে; কিন্তু আৰক্ষীৰ এনে তৎপৰতা সত্ত্বেও দুষ্কাৰ্যবােৰ বন্ধ হৈছে বুলি ক’ব নােৱাৰি।

মাটিৰ দালালি তথা আনৰ মাটি বলপূর্বক দখল কৰি লােৱা কাৰ্য আজি প্রায় আঢ়ৈ-তিনি দশক ধৰি ৰাজ্যত ৰমৰমীয়াকৈ চলি আহিছে। স্বয়ং শীর্ষস্থানীয় আৰক্ষী বিষয়াৰ প্রত্যক্ষ সহযােগ তথা ৰাজনৈতিক নেতাৰ পৃষ্ঠপােষকতাত প্রাক্তন উগ্রপন্থীকে ধৰি এচাম অপৰাধী মানসিকতাৰ লােক এই কার্যত জড়িত হৈ আহিছে।

নিশাটোৰ ভিতৰতে কোটি কোটি টকা হাতলৈ অহাৰ সুযােগ থকা হেতুকে দিনে দিনে এনে দুষ্কাৰ্যই বিস্তৃতি লাভ কৰিছে। সেয়েহে আৰক্ষীয়ে এনে এচাম দালালক গ্রেপ্তাৰ কৰিলেও এই সমগ্র কার্যত বিশেষ প্রভাৱ পৰা নাই।

শাসকীয় নেতা তথা আৰক্ষী বিষয়াৰ সহযােগত আজিও স্বয়ং গুৱাহাটী মহানগৰীতে আনৰ মাটি হস্তগত কৰাৰ ঘটনা অব্যাহত আছে। ৰাজনীতিকৰ কথা সুকীয়া হ’লেও আৰক্ষী বাহিনী অথবা চৰকাৰী বিষয়াবর্গ যিহেতু সমগ্র প্রক্রিয়াটোৰ এক ধাৰাবাহিক অংগ, সেয়েহে তেওঁলােকে কেৱল চমক সৃষ্টিৰ উদ্দেশ্যে পদক্ষেপ গ্রহণ কৰাটো বাঞ্ছনীয় নহয়।

অপৰাধ সংঘটিত হােৱাৰ পূর্বে তাক প্ৰতিৰােধ কৰিবলৈ সক্ষম হােৱাটোহে স্মার্ট পুলিচৰ লক্ষণ। তাৰ পৰিৱর্তে সাময়িক চমক দিয়াৰ চেষ্ট কৰিলে সি কেতিয়াও অপৰাধ ৰােধত সহায়ক হ’ব নােৱাৰে। অসমৰ ক্ষেত্ৰতাে সম্প্রতি সেয়াই পৰিলক্ষিত হৈছে।

তদুপৰি আৰক্ষী বাহিনীয়ে হওক অথবা আন চৰকাৰী পর্যায়তে হওক, দুর্নীতি হ্রাসৰ কোনাে লক্ষণ পৰিস্ফুট হৈ উঠা নাই আৰু ইয়াক ৰােধৰ ক্ষেত্ৰতাে কোনাে প্রভাৱ পেলাব পৰা নাই।

আইনৰ শাসনৰ প্রতি নাগৰিকৰ শ্ৰদ্ধাৰ পৰিৱেশ গঢ়ি তােলাৰ ক্ষেত্ৰত সামগ্রিকভাৱে দেশৰ সমগ্ৰ ব্যৱস্থাটোৱে ব্যৰ্থ হৈছে। ৰাজনীতিক প্ৰমুখ্যে ক্ষমতাশালী লােক, চৰকাৰ-প্রশাসন, আৰক্ষীৰ সততে দৃষ্টিগােচৰ হােৱা পক্ষপাতদুষ্ট আচৰণে আইনৰ প্রতি বিশ্বাস যেন দিনে দিনে অধিক শিথিল কৰিহে তুলিছে।

এনে পৰিপ্ৰেক্ষিতত সমাজত অস্থিৰতাৰ পৰিবেশ সৃষ্টি হােৱাটো অস্বাভাৱিক নহয়; কিন্তু উদ্বেগজনক প্রশ্নটো হৈছে। ইয়াৰ পৰা উদ্ধাৰৰ পথ প্রদর্শন কৰিব কোনে? সমাজৰ যিফালে চোৱা যায়, সেইফালেই স্খলন।

সংকটৰ গৰাহত পৰা সমাজক নেতৃত্ব দিবলৈ সুযােগ্য ব্যক্তিৰ অভাৱ ঘটাটোৱে আগন্তুক দিনত অধিক বিপর্যয়ৰ ইংগিত বহন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dainik Agradootpranjal sen deka
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d