আধুনিক চিকিৎসা বিজ্ঞানত যিবােৰ চিকিৎসাক পার্শ্বক্রিয়াহীন বুলি কোৱা হৈছে তাৰ ভিতৰত অন্যতম ‘হাইড্র’ থেৰাপি’। নামৰ পৰাই অনুমান কৰিব পাৰি যে এই চিকিৎসাত পানীহে ব্যৱহাৰ কৰা হয়।
হাইড্র’ মানে পানী আৰু ‘থেৰাপি’ মানে চিকিৎসা। অৱশ্যে এতিয়াও এই চিকিৎসা সকলােৰে মাজত জনপ্রিয় হৈ উঠা নাই। এই পার্শ্ববিহীন চিকিৎসাৰে ৰােগীয়ে অধিক সুফল লাভ কৰিব পাৰে।
এই চিকিৎসা পদ্ধতিত কঠিন, তৰল আৰু বায়ৱীয় তিনিওটা অৱস্থাৰে সহায় লােৱা হয়। ইংৰাজীত এই অৱস্থা তিনিটাক কোৱা হয় হাইড্র’ থেৰাপি, আইচ থেৰাপি আৰু কোল্ডথেৰাপি।
সৰু-সুৰা আঘাতৰ পৰা কোনােৱে সম্পূৰ্ণৰূপে মুক্ত নহয়। আঘাত পােৱা ঠাইখিনি ৰঙাপৰা, ফুলি উঠা, প্রচণ্ড বিষ অনুভৱ হােৱা আদিৰ ক্ষেত্ৰত আইচ থেৰাপি তেনেই ফলদায়ক।
এনে কৰিলে সাময়িকভাৱে আৰাম পাব পাৰি। উল্লেখ্য যে আঘাত হােৱাৰ ২৪ৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত প্ৰয়ােগ কৰিলেহে সুফল পােৱা যায়। কেতিয়াবা আঘাতপ্রাপ্ত মত হাড় আদি নাভাঙিলেও অসহ্য বিষ হয়।
এনে বিষৰ পৰা পৰিত্ৰাণ পাবলৈ কুহুমীয়া পানীত জুবুৰিয়াবলৈ পৰামর্শ দিয়া হয় নতুবা গৰম পানীৰ ভাপত সেক দিয়ে। প্রদাহজনিত কাৰণত গ্রন্থি ৰঙা পৰিলেও কোল্ড থেৰাপি আদিৰ সহায় লােৱা হয়।
ডায়েৰীয়াৰ ফলত শৰীৰৰ পৰা প্ৰচুৰ পৰিমাণে পানী ওলায় যায় আৰু সেইবাবে শৰীৰত পানী সুমুৱাই দিয়াৰাে ব্যৱস্থা কৰে চিকিৎসকে।অৱশ্যে এই সকলােবােৰ চিকিৎসা কৰিলে এগৰাকী বিশেষজ্ঞৰ পৰামর্শ গ্ৰহণ কৰিব লাগে আৰু তেনে কৰিলে বিপদ হােৱাৰ আশংকা নাথাকে।





























