প্রথমে অসমবাসী অসমবাসীক নৱবৰ্ষৰ বহুত বহুত শুভকামনা জনাইছাে। আশা কৰিছাে অনাগত বৰ্ষটোৱে সকলােৰে জীৱনলৈ সুখ-শান্তি কঢ়িয়াই আনক।
বিগত প্রায় দুটা বছৰে নভবাকৈ যি পৰিস্থিতিৰ সন্মুখীন হৈ আহিছাে, সেই পৰিস্থিতিয়ে আমাৰ জীৱনত বহুত বেয়াকৈ প্ৰভাৱ পেলাইছে । আশা কৰাে নতুন বর্ষটোৱে যেন সকলাে হতাশা দূৰ কৰি জীৱন সুখময় কৰি তােলে।
বিগত দুটা বছৰে কেৱল শিল্পী সমাজেইনহয়, সমগ্র ৰাজ্যবাসীৰেই স্বাভাৱিক জীৱন অস্বাভাৱিক হৈ পৰিছিল। বহু লােকে কর্ম-সংস্থাপন হেৰুৱাব লগা হ’ল।
বহুতে এসাঁজ খাই এসাঁজ লঘােণে থাকিব লগা হ’ল। অনাহাৰত বহুতে জীৱন দিবলগীয়া হৈছিল। শিল্পীসকলৰ অনুষ্ঠান বন্ধ হৈ পৰিছিল, যি আমাৰ জীৱন-জীৱিকাৰ মূল উৎস আছিল। গতিকে বিভিন্ন শিল্পীয়ে ইয়াৰ বিকল্পৰূপে জীৱিকাৰ বেলেগ পথ বাছি ল’ব লগা হৈছিল।
তেওঁলােকক আমি আচলতে সন্মান জনাব লাগে। কিয়নাে কামৰ কোনাে সৰু-বৰ নাথাকে। সৎ পথেৰে যদি কোনােবাই এটকাও উপার্জন কৰিছে, তেন্তে সেয়াও আমাৰ বাবে বহুত। ক’ভিড কালত মােৰাে জীৱন অতি কষ্টৰে পাৰ হৈছিল।
কঠোৰ পৰিস্থিতিৰ সন্মুখীন হৈছাে। সেয়ে ঈশ্বৰক এটাই প্রার্থনা, এনে অভিশপ্ত সময়বােৰ যেন পুনৰ ঘূৰি নাহে। অনাগত দিনবােৰ যেন সকলােৰে বাবে সুখৰ হয়। বর্তমান মই কেইবাটাও কাম হাতত লৈছাে।
ইতিমধ্যে মােৰ নিজৰ প্ৰডাকচনৰ বেনাৰত পাঁচটা গীতে মুক্তি পাইছে। অন্য প্রডাকচনৰ বেনাৰতাে প্রায় ১৫টা গানে ইতিমধ্যে মুক্তি লাভ কৰিছে। ২০২২ৰ জানুৱাৰীৰ প্রথম সপ্তাহত মােৰ কণ্ঠত ‘বুকুৰ আপােন বুলি’ শীর্ষক এটা ৰােমান্টিক গীতে মুক্তি লাভ কৰিব।
তদুপৰি অহা বছৰত বহু কেইটা গানৰ পৰিকল্পনা চলি আছে। তেনেদৰে আকস্মিকভাৱে মই অভিনয়ৰ স’তেও জড়িত হৈ পৰিছাে। অভিনয় সৰুৰে পৰা ভাল পাওঁ। সপােনৰ ডেউকাত’ নামৰ ধাৰাবাহিক এখনত প্রথম অভিনয় কৰিছিলাে।
তাৰ পাছত ‘মৃত্যুঞ্জয়’ নামৰ ৱেব ছিৰিজ এখনতাে অভিনয় কৰাে। শেহতীয়াকৈ ‘ছিম্পল ছােৱালী’ নামৰ এখন চুটি ছবিত অভিনয় কৰিছাে। লগতে আন কে’বাখনাে ধাৰাবাহিক আৰু ছবিত অভিনয়ৰ প্ৰস্তাৱ আহিছে। অতি সােনকালে ৰাইজে দেখিবলৈ পাব। মই সৃষ্টিমূলক কামবােৰ কৰি যাব বিচাৰাে।
কিয়নাে আমি যি ক্ষেত্ৰখনৰ স’তে জড়ি হৈ আছাে, তেনে ক্ষেত্ৰৰ লােকসকলক মানুহে অনুসৰণ কৰে। সেয়ে মই ভাবাে প্রতিজন শিল্পীয়ে সমাজৰ বাবে কাম কৰাটো এক কর্তব্য। মােৰ ইচ্ছা, অসমত থকা বিভিন্ন জাতি-জনগােষ্ঠীৰ পৰম্পৰাগত সংগীত আৰু সংস্কৃতিৰ ওপৰত অধ্যয়ন কৰি বিশ্ব দৰবাৰলৈ লৈ যােৱাৰ।
মই নিজকে সফল বুলি কেতিয়াও নাভাবাে, কিয়নাে মােৰ বহু কাম কৰিবলৈ আছে। মই কষ্ট কৰি আছে। অসমবাসীৰ আশীর্বাদ পালে লক্ষ্যত উপনীত হ’ব পাৰিলেহেসফল হােৱা বুলি ভাবিম। সফলতাৰ কোনাে ‘শ্বট কাট’ নাথাকে। কষ্ট কৰিবই লাগিব।
নতুন প্রজন্মৰ বাবে এষাৰেই কওঁ যে একান্তমনে নিজ নিজ ক্ষেত্ৰত নিজৰ এশ শতাংশ দি কাম কৰি যাওক। সমাজে আদৰি ললে এদিন সফলতাৰ মুখ দেখিবই।