আকৌ এবাৰ, হেজাৰৰ তললৈ হ্ৰাস পালে দৈনিক সংক্ৰমণৰ সংখ্যা। পৰিসংখ্যা অনুসৰি, শুক্ৰবাৰৰ তুলনাত দেশত দৈনিক আক্ৰান্তৰ সংখ্যা সামান্য বৃদ্ধি হৈ ৯৭৫ হৈছে।
শুক্ৰবাৰে কৰ’না ৰোগীৰ সংখ্যা আছিল ৯৪৯। সমগ্ৰ দেশত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১১,৩৬৬ জন। যোৱা ২৪ ঘণ্টাত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৭৫ জন।
শনিবাৰে দৈনিক সংক্ৰমণৰ হাৰ আছিল ০.৩২ শতাংশ। সমগ্ৰ ভাৰতত এতিয়ালৈকে মুঠ ১৮৬ কোটি ৩৮ লাখ ৩১ হেজাৰ ৭২৩ জন লোকক টিকাকৰণ কৰা হৈছে।
সুস্থতাৰ হাৰ বৰ্তমান ৯৮.৭৬ শতাংশ। যদিও সমগ্ৰ দেশতে কৰ’নাৰ প্ৰভাৱ হ্ৰাস হোৱা দেখা গৈছে, দিল্লীত সংক্ৰমণৰ হাৰ বৃদ্ধি হৈ আছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ দৈনিক পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত ভাৰতত কৰ’নাত মাত্ৰ চাৰিজন লোকৰ মৃত্যু হৈছে।
ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰ, উৰিষ্যা, হাৰিয়ানা আৰু মিজোৰামত চাৰিজন লোকৰ মৃত্যু হয়। দিল্লী (৩৬৬) দেশৰ দৈনিক সংক্ৰমণৰ শীৰ্ষত আছে। ইয়াৰ পাছত আছে হাৰিয়ানা (১৭৪), উত্তৰ প্ৰদেশ (১০৮) আৰু মহাৰাষ্ট্ৰ (৬৯)।






























