CBSE:✒️মুখস্থ কৰি উত্তৰবহী পূৰণ কৰাৰ দিন শেষ হ’ল! পাঠ্যক্ৰমৰ স’তে ছাত্ৰ-ছাত্ৰীৰ পৰিচিতি বৃদ্ধি কৰা তথ্য পৰীক্ষা ব্যৱস্থাক অধিক বাস্তৱসন্মত আৰু প্ৰয়োগভিত্তিক কৰি তোলাৰ লক্ষ্যৰে উদ্যোগ লৈছে চিবিএছইয়ে।
২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত’ Open-book assessments’ পদ্ধতি প্ৰৱৰ্তনৰ প্ৰস্তাৱত অনুমোদন জনাইছে।
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ শাসকীয় সংস্থাই চলিত বৰ্ষৰ জুন মাহত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছিল।
প্ৰাপ্ত তথ্য অনুসৰি,তেওঁলোকৰ এই পদক্ষেপ বিদ্যালয় শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম গাঁথনি (এনচিএফএছচি) ২০২৩ৰ স’তে মিল থকা আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) ২০২০ মানি গৃহীত হৈছে।
বৰ্তমান এই নতুন ব্যৱস্থাই প্ৰতিটো টাৰ্মৰ তিনিটা অধিবেশনৰ কাগজভিত্তিক পৰীক্ষাসূচীৰ অংশ হিচাপে ‘মুকলি কিতাপৰ মূল্যায়ন’ প্ৰৱৰ্তন কৰিছে। ইয়াৰ ভিতৰত ভাষা, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান আদি বিষয়সমূহো অন্তৰ্ভুক্ত।
চিবিএছইৰ সূত্ৰ অনুসৰি এই বিষয়টো প্ৰথমে ২০২৩ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা পাঠ্যক্ৰম সমিতিৰ বৈঠকত আলোচনা কৰা হয়।পিছলৈ বছৰৰ শেষত এই সিদ্ধান্ত চূড়ান্ত কৰা হয়।
যদিও ইয়াৰ ৰূপায়ণ নিশ্চিত কৰিবলৈ ব’ৰ্ডে কিছুমান বিশেষ বিদ্যালয়ত পাইলট প্ৰজেক্ট আৰম্ভ কৰে। নৱম আৰু দশম শ্ৰেণীত ইংৰাজী, গণিত আৰু বিজ্ঞান বিষয়ত পৰীক্ষামূলক পৰীক্ষা অনুষ্ঠিত হৈছিল।
একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে ইংৰাজী, গণিত আৰু জীৱবিজ্ঞানত ‘Open-book assessments’ প্ৰক্ৰিয়াৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। মূল উদ্দেশ্য আছিল ছাত্ৰ-ছাত্ৰীসকলে কেনেকৈ প্ৰদৰ্শন কৰে, কিমান সময় লৈছিল ইত্যাদি।
সমীক্ষাৰ ফলাফলত দেখা গৈছে যে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰদৰ্শনৰ হাৰ ১২ শতাংশৰ পৰা ৪৭ শতাংশৰ ভিতৰত।
সেই ফলাফল দেখি একাংশ শিক্ষকে আশাবাদী হৈ সিদ্ধান্ত ল’লে যে, শিক্ষাৰ্থীৰ মাজত এই প্ৰক্ৰিয়াটো অধিক সোমাই দিয়াৰ বাবে আৰু ৰেফাৰেন্স ব্যৱহাৰৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ বাবে এই প্ৰক্ৰিয়া ক্ৰমান্বয়ে উপযোগী হৈ উঠিব।






























