Jammu and Kashmirজম্মু-কাশ্মীৰৰ ৰাজৌৰীত এজন জোৱানৰ মৃত্যুত চাঞ্চল্যৰ সৃষ্টি হৈছে। তথ্য অনুসৰি, নিজৰ চাৰ্ভিচ ৰাইফলৰ পৰা নিক্ষেপ কৰা গুলীতেই তেওঁৰ মৃত্যু হৈছে। কিন্তু ভুলবশতঃ গুলী চলিছিল নে তেওঁ আত্মহত্যা কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
৫৪ ৰাষ্ট্ৰীয় ৰাইফলছৰ অন্তৰ্গত জোৱানজন ৰাজৌৰীৰ পৰা ৪০ কিলোমিটাৰ নিলগৰ ছলকী গাঁৱত নিৰাপত্তাৰ দায়িত্বত আছিল। তথ্য অনুসৰি ,শনিবাৰে তেওঁৰ শিবিৰৰ ভিতৰৰ পৰা গুলীচালনাৰ শব্দ শুনা গৈছিল।
শব্দ শুনি আন জোৱানসকলে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। তাৰ পাছৰে শিবিৰৰ ভিতৰত জোৱানজনক ৰক্তাক্ত অৱস্থাত পৰি থকা প্ৰতক্ষ্য কৰে।
থিতাতে তেওঁৰ মৃত্যু হয়। কিন্তু ভুলবশতঃ গুলী বিস্ফোৰণ হৈছিল নে তেওঁ আত্মহত্যা কৰিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। এই তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়।
মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হয়।অৱশ্যে মৃত লোকজনৰ পৰিচয় এতিয়াও জনা নাযায়।






























