Horoscope:মেষ: ব্যৱসায়-বাণিজ্যত উন্নতিৰ যোগ। আজি নতুনকৈ ব্যৱসায় আৰম্ভণিৰ পৰিকল্পনা নকৰাই ভাল হ’ব। আর্থিকত মধ্যম ফল। চাকৰি ক্ষেত্রত অপ্রত্যাশিতভাৱে খেলিমেলি হ’ব পাৰে।
বৃষ : চাকৰিজীৱীৰ পদোন্নতিৰ ক্ষেত্ৰত অপ্রত্যাশিতভাৱে বাধা পৰিব পাৰে। পৰিয়ালকেন্দ্রিক কোনো সমসা দেখা দিব পাৰে। আর্থিকত মধ্যম ফল। ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে।
মিথুন: চৰকাৰী চাকৰিয়ালৰ উন্নতিৰ যোগ। গৃহ পৰিৱৰ্তনৰ পৰিকল্পনা কৰিব পাৰে। হঠাৎ অৰ্থ প্ৰাপ্তিৰ যোগ। কিবা কাৰণে ঘৰুৱা অশান্তি দেখা দিব পাৰে।
কর্কট: আকস্মিক ঘৰুৱা পৰিৱেশ অশান্ত হৈ উঠিব পাৰে। মানসিক চাপজনিত কাৰণে শাৰীৰিক সমস্যাই দেখা দিব পাৰে। যোগ্যজনে উপযুক্ত সম্মান আশা কৰিব পাৰে।
সিংহ: কৰ্ম পৰিৱৰ্তনৰ যোগ। আকস্মিক দুর্ঘটনাৰ যোগ। ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কিছু অর্থ অনাদায়ী অৱস্থাত থাকি যাব পাৰে। সংবাদ প্ৰাপ্তিৰ ফলত মানসিক উদ্বেগ বৃদ্ধি পাব।
কন্যা: কর্মক্ষেত্রত পদোন্নতিৰ যোগ। বাধা-বিঘিনিৰ মাজেদি উচ্চ বিদ্যার্থীৰ উন্নতি অব্যাহত থাকিব। সন্মান হানিৰ যোগ। ব্যৱসায়-বাণিজ্যৰ জৰিয়তে নতুন পৰিচিতি লাভ।
তুলা: দিনটোত পৰিশ্ৰম অনুযায়ী ফল নাপাব। শৰীৰ স্বাস্থ্যৰ বিষয়ে সতর্কতা অৱলম্বন কৰিব। দিনটোত আয়-ব্যয়ৰ সমতা বজাই নাথাকিব। দিনটোত একাধিক সুযোগে হাত এৰা দিব পাৰে। লোহাৰ লগত জড়িত ব্যৱসায়ী সকলৰ অশুভ।
বৃশ্চিক: চাকৰিজীৱীসকলে বদলিৰ আভাস পাব পাৰে। ব্যৱসায়-বাণিজ্যত শুভ যদিও আশা কৰা মতে ফল নাপাব পাৰে। দিনটোত অত্যধিক ব্যয় বৃদ্ধিৰ ফলত মানসিক উদ্বেগ বৃদ্ধি পাব।
ধনু: দৈনন্দিন কর্মত উন্নতিৰ যোগ। কর্মক্ষেত্ৰত কিছু অতিৰিক্ত দায়িত্ব ল’ব লগা হ’ব পাৰে। ব্যৱসায়-বাণিজ্যৰ বাবে দিনটো শুভ ফলদায়ক হ’ব। গুপ্ত শত্ৰুৰ কাৰণে ক্ষতিৰ সম্ভাৱনা প্ৰৱল।
মকৰ: চৰকাৰী চাকৰিয়ালৰ কৰ্মক্ষেত্ৰত সন্মান হানিৰ যোগ। গতিকে সতর্ক হোৱা আৱশ্যক। শৰীৰত আঘাত প্ৰাপ্তিৰ যোগ আছে, গতিকে চলাফুৰাৰ ক্ষেত্ৰত সতর্কতা অৱলম্বন কৰিব। মানসিক চাপজনিত কাৰণে ৰোগাক্রান্ত হোৱাৰ সম্ভাৱনা। আর্থিক ক্ষেত্রত মধ্যম ফল।
কুম্ভ: দৈনন্দিন কর্মত সাফল্য আহিব। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভাৰ সন্মানপ্ৰাপ্তিৰ যোগ। কোনো মূল্যৱান বস্তু চুৰি হোৱাৰ সম্ভাৱনা। গতিকে সতর্ক হোৱা আৱশ্যক। প্রেম সংক্রান্তত বিষয়লৈ সমস্যাৰ সৃষ্টি হ’ব পাৰে।
মীন: চাকৰিজীৱী সকলৰ কৰ্মক্ষেত্ৰত সমসাৰ সৃষ্টি হ’ব পাৰে। প্ৰপ্রাপ্য ধন প্ৰাপ্তিৰ যোগ আছে। নিবনুৱা জাতক-জাতিকাৰ কৰ্মপ্ৰাপ্তিৰ যোগ। গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিব পাৰে।































