Guwahati kharghuli Murder update:
অলপতে মহানগৰীৰ খাৰঘুলিৰ ওপৰ লুইতপাৰৰ বাসিন্দা বন্দনা দাস (৬৯) নামৰ মহিলা গৰাকীক সম্পত্তিৰ লালসাত তেওঁৰ ভ্রাতৃয়েই আনৰ দ্বাৰা হত্যা কৰিছিল নেকি? মঙলবাৰে লতাশিল আৰক্ষীয়ে বন্দনা দাসৰ ভ্ৰাতৃ ভাস্কৰজ্যোতি দাসক আটক কৰে।
আৰক্ষীয়ে নিশ্চিত কৰিছে যে মহিলাগৰাকীক তেওঁৰে ঘৰৰ চৌহদত পৰিচৰ্যাকাৰী হিচাপে বাস কৰা ৰাতুল দাস নামৰ ৰাজমিস্ত্রিজনে ডিঙিত ছুৰীৰে ৰেপি হত্যা কৰিছিল। ৰাতুল দাসে স্বীকাৰোক্তি দিছে যে বন্দনা দাসে তেওঁক গালি-গালাজ পাৰিছিল। সেইবুলি হত্যা কৰিব পৰা পৰিস্থিতি হোৱা নাছিল। বৰঞ্চ অসুস্থ বন্দনা দাসক পত্নী কুঞ্জলতা দাসৰ স’তে মিলি পার্যমানে অসুবিধা নোহোৱাকৈ ৰখাৰহে চেষ্ট কৰিছিল।
বন্দনা দাসৰ হত্যাৰ আঁৰত সম্পত্তিৰ লোভত পৰিয়ালৰ মানুহ জড়িত থকা বুলি ৰাতুলে আৰক্ষীক কয়। ভ্রাতৃ ভাস্কৰজ্যোতি দাসৰ নামো এই ক্ষেত্রত উল্লেখ কৰে। উল্লেখ্য যে বায়েকৰ মৃত্যুৰ পাছত ঘটনাটোক লৈ ভাস্কৰজ্যোতি দাসে অধিক সৰৱ হৈ আছিল। আনকি কথাৰ সুৰত ৰাতুল দাসক ৰক্ষণাবেক্ষণ দিব বিচৰাৰ আচৰণো ভাস্কৰজ্যোতি দাসৰ কথাৰ সুৰত ধৰা পৰা বুলি তদন্তকাৰী আৰক্ষীৰ পর্যালোচনাত সন্দেহ কৰা হৈছিল।
উল্লেখ্য যে যোৱা দুই জুলাইৰ পুৱতি নিশা নিজৰ শোৱা কোঠাৰ বিছনাতে হত্যাৰ বলি হৈছিল বন্দনা দাস। স্বামীৰ মৃত্যুৰ পাছত সন্তানহীন মহিলা গৰাকী ঘৰত অকলে বাস কৰিছিল। প্ৰায় দুবছৰ আগতে তেওঁৰ কঁকাল ভাঙিছিল। তেতিয়াৰে পৰা প্ৰায় বিছনাতে কটাইছিল মহিলাগৰাকী। বিগত কেইমাহমানৰ পৰা ৱাকাৰৰ সহায়ত ঘৰৰ ভিতৰতে তেওঁ খুপি খুপি খোজ কাঢ়িবলৈ সক্ষম হৈছিল। তেনেদৰে নিজৰ খাদ্য ৰান্ধিছিল।
অৱশ্যে বাচন ধোৱা, কাপোৰ ধোৱা, ঘৰ চাফা কৰা আদি কাম কুঞ্জলতা দাসে কৰিছিল। ভাস্কৰজ্যোতি দাসে সদৰী কৰা মতে বায়েকৰ সহায়ক হোৱাকৈ তেৱেই এবছৰৰ পৰা ৰাতুল আৰু কুঞ্জলতাক পৰিচৰ্যাকাৰী হিচাপে ৰাখিছিল। ৰাতুলে যোৱা প্ৰায় ছয় বছৰ ধৰি দাসৰ ঘৰত মিস্ত্ৰিৰ কাম কৰি আছিল। সেই সূত্রে ঘনিষ্ঠ হৈ পৰা ৰাতুল বিশ্বাসী আছিল বুলিও দাসে প্রকাশ কৰিছিল। সেইজন ৰাতুল দাসেই দুই জুলাইৰ মাজনিশা সন্তর্পণে বন্দনা দাসৰ সৰু ঘৰটোত প্ৰৱেশ কৰি শুই থকা অৱস্থাতে তেওঁৰ ডিঙিত ৰেপি হত্যা কৰিছিল। সেই সময়ত আত্মৰক্ষাৰ বাবে বন্দনা দাসে চেষ্টা কৰিছিল।
ইয়াৰ বাবে হোৱা টনা-আঁজোৰাত হত্যাৰ বাবে অনা ছুৰীখনে ৰাতুলৰে এটা আঙুলিত কাটিছিল। সেই কটা চিনটোৰ আঁত ধৰিয়ে আৰক্ষীয়ে তদন্ত আগবঢ়াই ৰাতুলেই হত্যাকাৰী বুলি নিশ্চিত কৰিছিল। হত্যাকাণ্ড সংঘটিত কৰা বুলি ৰাতুলে স্বীকাৰ কৰা বুলিও আৰক্ষীয়ে সদৰী কৰিছে।






























