Earthquake:ভূমিকম্পই জোকাৰিলে দিল্লী। আজি পুৱা ৰিখটাৰ স্কেলত ৪.১ প্ৰাবল্য ভূমিকম্পই জোকাৰিলে দিল্লী । দিল্লীৰ সমান্তৰালকৈ নয়ডা, গুৰুগ্ৰাম, গাজিয়াবাদ আৰু ফৰিদাবাদতো এই কঁপনি অনুভৱ কৰা হয়। অৱশ্যে এতিয়ালৈকে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।
বৃহস্পতিবাৰে পুৱা ৯:০৪ বজাত এক প্ৰবল ভূমিকম্পই দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল কঁপাই তোলে। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি হাৰিয়ানাৰ ঝজ্জাৰ জিলাত মাত্ৰ ১০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু।
হাৰিয়ানাৰ শোনিপত, ৰোহটক আৰু হিছাৰতো কঁপনি অনুভূত হয়। ভূমিকম্প অনুভৱ কৰাৰ কিছু মিনিটৰ ভিতৰতে বহু লোকে ছ’চিয়েল মিডিয়াত এই বিষয়ে পোষ্ট কৰা দেখা গ’ল।
আতংকিত হৈ ঘৰৰ পৰা ওলাই আহিল অঞ্চলসমূহৰ বাসিন্দাসকল।






























