Zila Parishad:
ৰাজ্যত অব্যাহত থকা পঞ্চায়ত গঠন প্রক্রিয়াত দুখনকৈ জিলা পৰিষদৰ সভাপতি পদত অনুসূচিত জাতি আৰু দুখনত অনুসূচিত জনজাতিৰ মহিলা প্রার্থী থাকিব। একেদৰে উপ-সভাপতিও দুখন জিলা পৰিষদত অনুসূচিত জাতিৰ আৰু দুখনত অনুসূচিত জনজাতিৰ প্ৰাৰ্থী থাকিব। ইয়াৰ উপৰি মহিলা সভাপতি থাকিবলগীয়া জিলা পৰিষদৰ সংখ্য হ’ল ১২ খন আৰু উপ-সভাপতি থাকিবলগীয়া জিলা পৰিষদৰ সংখ্যাও ১২ খন। ইয়াৰ বাবে যোৱা নিশা সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত লটাৰীৰ জৰিয়তে তেনে পৰিষদবোৰৰ নাম চূড়ান্ত কৰা হয়।
পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত লটাৰীত অনুসূচিত জনজাতিৰ মহিলা সভাপতি হ’বলগীয়া জিলা পৰিষদ দুখন হ’ল শিৱসাগৰ আৰু গোৱালপাৰা জিলা পৰিষদ। অনুসূচিত জাতিৰ মহিলা সভানেত্রী হ’বলগীয়া জিলা পৰিষদ দুখন হ’ল গোলাঘাট আৰু মাজুলী জিলা পৰিষদ। তেনেদৰে অনুসূচিত জনজাতিৰ মহিলা উপ-সভাপতি হ’বলগীয়া জিলা পৰিষদ দুখন হ’ল বিশ্বনাথ আৰু মৰিগাঁও জিলা পৰিষদ। অনুসূচিত জাতিৰ মহিলা উপ-সভাপতি হ’বলগীয়া জিলা পৰিষদ দুখন ক্রমে বঙাইগাঁও আৰু নগাঁও।
ইপিনে, মহিলা সভানেত্ৰীৰ বাবে সংৰক্ষিত জিলা পৰিষদকেইখন হ’ল ক্রমে বজালী, বৰপেটা, চৰাইদেউ, দৰং, ধুবুৰী, ডিব্রুগড়, হাইলাকান্দি, কামৰূপ মহানগৰ, লখিমপুৰ, মৰিগাঁও, নগাঁও আৰু দক্ষিণ শালমাৰা-মানকাচৰ। মহিলা উপ-সভাপতিৰ বাবে সংৰক্ষিত জিলা পৰিষদকেইখন হ’ল- দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, হাইলাকান্দি, হোজাই, কামৰূপ মহানগৰ, কামৰূপ, শিৱসাগৰ, শ্রীভূমি আৰু তিনিচুকীয়া।
উল্লেখ্য যে অসমত মুঠ জিলা পৰিষদৰ আসনৰ সংখ্যা হ’ল ৩৯৭ খন। ইয়াৰ ভিতৰত এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে ২৭৪ খনত জয়লাভ কৰে। অসম গণ পৰিষদে জয়লাভ কৰে ২৭ খন আসনত। কংগ্ৰেছে জয়লাভ কৰে ৭৭ খন আসনত। তেনেদৰে এআইইউডিএফে আঠখন,ৰাইজৰ দলে তিনিখন আৰু নির্দলীয়ই ১৩ খন আসনত জয়লাভ কৰিবলৈ সক্ষম হয়।






























