Meteorites:
নিশাৰ আকাশত শাৰী শাৰীকে সৰি পৰিব উল্কা। চন্দ্ৰৰ পোহৰবিহীন অন্ধকাৰত জিকমিক কৰি সেই উল্কাই পোহৰাই তুলিব আকাশখন। কাইলৈৰ লগতে ৩০ জুলাইৰ নিশা সমগ্র পৃথিৱীৰ পৰাই দেখা যাব সেই বিৰল দৃষ্টিনন্দন দৃশ্য। এই দাবী কৰা হৈছে ‘লাইভছায়েন্স’ৰ এক প্রতিবেদনত।
প্রতি বছৰৰ ১৮ জুলাইৰ পৰা ১২ আগষ্ট পর্যন্ত উল্কাবৃষ্টি হয়। ইয়াক কোৱা হয় ‘ছাদার্ণ ডেল্টা একোৱাৰিছ’। গৱেষকসকলে মন্তব্য কৰিছে যে জুলাইৰ অন্তিমটো দিনত এই উল্কাপাতৰ পৰিমাণ বৃদ্ধি হয়। সেইদিনা ঘণ্টাত প্রায় ২০বাৰ উল্কাপাত হয়। এই বছৰ ২৯-৩০ জুলাইৰ নিশা দেখা যাব এই উল্কাবৃষ্টি। ‘ছাদার্ণ ডেল্টা একোৱাৰিছ’ৰ স’তে এই বছৰ সক্রিয় হ’ব উল্কাবৃষ্টি ‘আলফা কেপ্ৰিকৰনিছ’। তাৰ পৰা ঘণ্টাত পাঁচৰ পৰা ১০টা উল্কাপাত হ’ব। এই দুইটা মিলাই ঘণ্টাত গড়ে ২৫টা উল্কাপাত হ’ব পাৰে বুলি ধাৰণা কৰিছে গৱেষকসকলে।
উত্তৰ আৰু দক্ষিণ, দুই গোলাৰ্ধৰ পৰা উল্কাবৃষ্টি দেখা পোৱা যাব। অৱশ্যে দক্ষিণ গোলার্ধত এই দৃশ্য অধি ভালদৰে দেখা পোৱা যাব। কি.নো দক্ষিণ গোলাৰ্ধৰ আকাশৰ একেবাৰে কাষত আছে ‘ছাদার্ণ ডেল্টা একোৱাৰিছ’।
বিজ্ঞানীসকলে জনাইছে যে উত্তৰ গোলার্ধত বসবাসকাৰী লোকে ৩০ জুলাই, বুধবাৰৰ পুৱতি নিশা দক্ষিণ আকাশত দৃষ্টি ৰাখিলে এই উল্কাবৃষ্টি ভালদৰে দেখা পাব। ভাৰত উত্তৰ গোলার্ধত অৱস্থিত। সেয়ে ভাৰতৰ সকলো স্থানৰ পৰাই সেই সময়ৰ আকাশত এই উল্কাবৃষ্টি দেখা যাব। এই সময়ছোৱাতক আকাশত চন্দ্র নাথাকিব বাবে উল্কাপাত অনেক স্পষ্টৰূপত দেখা পোৱা যাব। অৱশ্যে বতৰ বেয়া থাকিলে কিছু সমস্যা হ’ব পাৰে। বিজ্ঞানীসকলে পৰামৰ্শ দিছে যে প্রদূষণমুক্ত কোনো অন্ধকাৰ স্থানৰ পৰা দক্ষিণ আকাশলৈ দৃষ্টি দিলে উল্কাবৃষ্টি ভালদৰে দেখা পোৱা যাব।
‘ছাদাৰ্ণ ডেল্টা একোৱাৰিছ’ আচলতে ধূমকেতু ‘৯৬ পি/মাছোলজ’ৰ অংশ। ১৯৮৬ত বিজ্ঞানীসকলে ইয়াক আৱিষ্কাৰ কৰিছিল। প্ৰতি ৫.৩ বছৰত এবাৰ এই ধূমকেতুৱে সূৰ্যক প্রদক্ষিণ কৰে। সেই প্রদক্ষিণৰ সময়ত যথেষ্ট সংখ্যক খণ্ডিত অংশ সেই ধূমকেতুৱে কক্ষপথত পেলাই যায়।
ধাৰণা কৰা হয় যে সূর্যক প্রদক্ষিণ কৰাৰ সময়ত প্ৰতি বছৰে নিজৰ কক্ষৰ সেই নির্দিষ্ট স্থানত উপস্থিত হয় পৃথিৱী, য’ত ধুমকেতুৰ ভগ্নাংশ পৰি থাকে। সেই ভগ্নাংশই প্রচণ্ড গতিত পৃথিৱীত আছাই খাই পৰে। মাধ্যাকৰ্ষণৰ আওতাত প্ৰৱেশৰ সময়ত ঘৰ্ষণৰ পুৰি যায় সেই ভগ্নাংশবোৰ। তাৰ পৰাই হয় উল্কাপাত। যাক মানুহে সাধাৰণভাৱে তৰা খহি পৰা বুলি কয়।






























