Rahul Gandhi:✒️বিতৰ্কিত মন্তব্য কৰি ৰাহুল গান্ধীয়ে খালে উচ্চতম ন্যায়ালয়ৰ ধমক। ভাৰতৰ ২০০০ বৰ্গ কিলোমিটাৰ চীনৰ দখল আছে বুলি দাবী কৰিছিল ৰাহুল গান্ধীয়ে।
সেই মন্তব্যৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে কয় যে, কংগ্ৰেছৰ সাংসদগৰাকী যদি প্ৰকৃত ভাৰতীয় হ’লহেঁতেন তেন্তে তেওঁ তেনেকুৱা কথা নক’লেহেঁতেন। দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে তেওঁৰ এই দাবীৰ সমৰ্থনত কোনো যুক্তিসংগত প্ৰমাণ আছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে।
২০২০ চনত গালৱান সংঘৰ্ষৰ পাছত ৰাহুলে দাবী কৰিছিল যে চীনে ভাৰতৰ ২০০০ বৰ্গ কিলোমিটাৰ ভূখণ্ড দখল কৰিছে। লগতে ৰাহুলে দাবী কৰে যে অৰুণাচল প্ৰদেশত চীনা সৈন্যই ভাৰতীয় জোৱানক মাৰপিট কৰিছিল।
সেই মন্তব্যৰ ভিত্তিত কংগ্ৰেছ সাংসদগৰাকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু হৈছিল। শুনানিৰ সময়ত ৰাহুলৰ অধিবক্তা অভিষেক মনু সিংভীয়ে কয়,”বাতৰি কাকতত যি ছপা হৈছে সেই কথাও যদি লোকসভাৰ বিৰোধী দলপতিৰ নেতাই ক’ব নোৱাৰে বিষয়টো অতি দুৰ্ভাগ্যজনক।”
সেই যুক্তিৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে জনায়, এনে মন্তব্য কৰিলে সংসদত নকৰি কিয় সামাজিক মাধ্যমত জনাইছে ৰাহুলে ? বাক স্বাধীনতা থাকিলেও তাৰ অপব্যৱহাৰ কৰিব নোৱাৰি। ন্যায়াধীশ দিপাংকৰ দত্ত আৰু এ জি মছিহে কঠোৰ ধমক দি কয়, “আপুনি তাত আছিল নেকি? কিবা প্ৰমাণ আছে ? প্ৰমাণ অবিহনে এনে মন্তব্য কিয় কৰিলে? আপুনি যদি প্ৰকৃত ভাৰতীয় হ’লহেঁতেন তেন্তে এনে কথা নক’লেহেঁতেন।”
কিন্তু কঠোৰ তিৰস্কাৰৰ পাছতো অৱশেষত উচ্চতম ন্যায়ালয়ে ৰাহুলক সুৰক্ষা প্ৰদান কৰে।
উচ্চতম ন্যায়ালয়ৰ এই মন্তব্যৰ পাছতে বিজেপিৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱাল্লাই ৰাহুল গান্ধীক লোকসভাৰ বিৰোধী দলপতি পদৰ পৰা পদত্যাগ কৰিবলৈ দাবী জনায়।
ইয়াৰ উপৰিও কংগ্ৰেছৰ সাংসদগৰাকীক “চীন গুৰু” বুলিও কটাক্ষ কৰা হয়।অৱশ্যে ৰাহুলৰ তৰফৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই।






























