J&K:✒️জম্মু-কাশ্মীৰৰ কুলগামত গোটেই নিশা চলিল উগ্ৰপন্থী আৰু সেনাৰ মাজত বন্দুকৰ যুঁজ। বিগত নদিন ধৰি চলি থকা ‘অপাৰেচন আখাল’ত আজি শ্বহীদ হয় দুজন জোৱান । আহত আৰু দুজন।
ADVERTISEMENT
ইয়াৰ উপৰিও এজন উগ্ৰপন্থী নিহত হয়। উল্লেখ্য যে,এই অভিযানত এতিয়ালৈকে দহজন জোৱান আহত হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি,শ্বহীদ জোৱান দুজন হৈছে লেন্স নাইক প্ৰীতপাল সিং আৰু চিপাহী হৰমিন্দৰ সিং। গুলীচালনাত আহত হোৱা দুয়োকে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে।
বাকী দুজন জোৱান এতিয়াও চিকিৎসাধীন হৈ আছে।প্ৰসংগক্ৰমে এই অভিযানত এতিয়ালৈকে পাঁচজন উগ্ৰপন্থী নিহত হৈছে।






























