Jammu and Kashmir: ✒️উত্তৰ কাশ্মীৰৰ বান্দিপোৰাৰ পৰা বিপুল পৰিমাণৰ চীনা অস্ত্ৰসহ গ্ৰেপ্তাৰ উগ্ৰপন্থী সংগঠন লস্কৰ-ই-তৈবাৰ দুই সহযোগী। আৰক্ষী আৰু সেনাৰ বৃহৎ তৎপৰতাত বিফল হ’ল এক কূটনৈতিক পৰিকল্পনা।
ধৃত আব মজিদ গোজৰি আৰু আব হামিদ দাৰ আৰু উগ্ৰপন্থী সংগঠনৰ মাজত সম্পৰ্ক থকাৰ প্ৰমাণ পোৱা বুলি দাবী কৰে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই।
আটক কৰা লোক কেইজন এছ কে বালা আৰু বিজপাৰাৰ বাসিন্দা। এক গোপন সূত্ৰৰ ভিত্তিত কাম কৰি দেওবাৰে বান্দিপোৰাত আৰক্ষী আৰু সেনাই যৌথ অভিযান আৰম্ভ কৰে।
সেনা সূত্ৰৰ অনুসৰি, ধৃতসকলৰ পৰা দুটা চীনা গ্ৰেনেড, দুটা ইউ বি জি এল গ্ৰেনেড আৰু ১০ ৰাউণ্ড এ কে ৪৭ ৰাইফল কাৰ্টিজ উদ্ধাৰ কৰা হৈছে।
উগ্ৰপন্থীয়ে কোনো ধৰণৰ কূটনৈতিক পৰিকল্পনা কৰিছিল নেকি সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা লোকসকলৰ বিৰুদ্ধে ইউএপিএ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।






























