Space:✒️বিশ্বব্ৰহ্মাণ্ডক লৈ মানুহৰ আগ্ৰহৰ অন্ত নাই। এই ব্রহ্মাণ্ডত বাৰু আমি অকলশৰীয়া নেকি? নে আন কোনো নক্ষত্ৰৰ চৌপাশে ঘূৰি থকা কোনো অচিন গ্রহত লুকাই আছে আন কোনো প্রাণ? এই প্রশ্নই যুগ যুগ ধৰি মানুহৰ মনত ক্ৰিয়া কৰি আহিছে। পৃথিৱীৰ বাহিৰত প্ৰাণৰ অস্তিত্ব পোৱা যাব নে নাই, সেই কথা সময়ে ক’ব।
তথাপি অজান বিষয় জনাৰ আগ্ৰহ আৰু বিজ্ঞানীসকলৰ উৎসাহ, এই দুয়োটাৰে সম্মিলিত প্রয়াসত ইতিমধ্যেই মানুহ বহুবাৰ মহাকাশত উপস্থিত হৈছে। আমেৰিকা-ৰাছিয়া-চীন-ভাৰতৰ দৰে বহু দেশৰ অনেক মহাকাশচাৰীয়ে বিভিন্ন সময়ত মহাকাশত সময় কটাইছে।
সৌ সিদিনা মহাকাশ কেন্দ্রত কিছুদিন কটাই উভতি আহিছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা। তাৰ কিছুদিন পূর্বে দীর্ঘকাল মহাকাশত কটাই উভতি আহিছিল সুনীতা উইলিয়ামছসহ একাধিক মহাকাশচাৰী। অৱশ্যে মহাকাশাৰী নিৰ্বাচনৰ ক্ষেত্ৰত যে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ এক বিশেষ নিয়ম আছে, সেয়া বহুতেই নাজানে।কোনো দম্পতীয়ে একেলগে মহাকাশলৈ যাব নোৱাৰে।
কিয় এই অদ্ভুত নিয়ম? চৰকাৰীভাৱে একো নক’লেও আচলতে মহাকাশচাৰীয়ে যাতে মহাকাশ যানৰ ভিতৰত সংগম নকৰে, তাৰ বাবেই এই নিয়ম প্ৰস্তুত কৰা হৈছে। ১৯৯২ত এক মহাকাশ অভিযানত যোৱাৰ পূৰ্বে প্রশিক্ষণ শিবিৰত সাক্ষাৎ হয় দুই মহাকাশচাৰী মার্ক লী আৰু জেন ডেভিচৰ। দুয়োৰে মাজত প্ৰেমৰ সম্পর্ক গঢ়ি উঠে।
আনকি দুয়ো গোপনে বিয়াও কৰায়। নাছাই যেতিয়ালৈ তেওঁলোকৰ বিয়াৰ বিষয়ে অৱগত হয়, তেতিয়ালৈ বহু পলম হৈছিল। তেতিয়া আৰু মহাকাশচাৰী সলোৱাৰ সময় নাছিল।
সেয়ে তাৰ পাছৰে পৰাই আন কোনো দম্পতীয়ে একেলগে মহাকাশলৈ যাব নোৱাৰিব বুলি নাছাই স্পষ্ট কৰি দিয়ে। আনকি ইমান বছৰৰ মহাকাশ যাত্ৰাৰ ইতিহাসত চৰকাৰীভাৱে অন্ততঃ কোনো মহাকাশচাৰীয়ে মহাশূন্যত মহাকাশযানৰ ভিতৰত শাৰীৰিক সম্পৰ্কত মিলিত হোৱা নাই।বিষয়টো কিন্তু কাকতালীয় নহয়; বৰঞ্চ এই নিষেধাজ্ঞাৰ নেপথ্যত আছে সুস্পষ্ট বৈজ্ঞানিক কাৰণ।
মাধ্যাকর্ষণ শক্তিৰ অভাৱ
জন্মৰ পৰা মৃত্যু পর্যন্ত পৃথিৱীৰ সকলো জীৱই গ্রেভিটি অর্থাৎ মাধ্যাকর্ষণ শক্তি অনুভৱ কৰে। সেয়ে বিষয়টো আমাৰ বাবে ইমানেই স্বাভাৱিক লাগে যে এই শক্তি নাথাকিলে কি ঘটিব পাৰে সেয়া কল্পনাও কৰা কঠিন।
মহাশূন্যত লৰচৰ কৰাটো ভয়ানকভাৱে কঠিন। গতিপথ সামান্য ইফাল-সিফাল হ’লেই বিপদ ঘটিব পাৰে। তদুপৰি সংগমৰ সময়ত দেহত তৰলৰ যি আদান-প্রদান হয়, সেয়া নিয়ন্ত্রণ কৰাও কাৰ্যতঃ অসম্ভৱ। মহাশূন্যত পানীৰ এটা কণিকাও নিয়ন্ত্রণলৈ অনা কঠিন।
গৰ্ভাৱস্থা
সংগমৰ ফলত যদি কোনো মহাকাশচাৰী অন্তঃসত্ত্বা হৈ পৰে, তেনেহ’লে কি হ’ব এই বিষয়ত বিজ্ঞানীসকল এতিয়াও নিশ্চিত নহয়। কাৰণ ভ্রূণৰ ওপৰত মাধ্যাকর্ষণ শক্তিৰ প্ৰভাৱ আছে নে নাই, সেই কথা এতিয়াও নিশ্চিতভাৱে জানিব পৰা নাই। তদুপৰি মহাকাশত বিভিন্ন ধৰণৰ তড়িৎ চুম্বকীয় বিকিৰণে কাম কৰে। সেই বিকিৰিণ বা ৰেডিয়েচনৰ কেনে প্ৰভাৱ ভ্রূণৰ ওপৰত পৰিব সেয়াও বিজ্ঞানীসকলে এই পর্যন্ত জানিব পৰা নাই।
মাধ্যাকর্ষণ শক্তি অবিহনে গৰ্ভস্থ সন্তানৰ হাড়, পেশী বা অন্যান্য অংগ সঠিকভাৱে গঠিত হ’ব নে নাই, সেয়াও এই পর্যন্ত অজান হৈ আছে।
শাৰীৰিক চাপ
নাছাৰ প্ৰাক্তন স্বাস্থ্য মুৰব্বী ছাৰালিন মার্কে এই বিষয়ত এক আন্তর্জাতিক সংবাদ মাধ্যমক জনায় যৌনতা আৰু যৌনস্বাস্থ্য সামগ্রিকভাৱে অতি গুৰুত্বপূৰ্ণ এক বিষয়; কিন্তু এই কথাও মনত ৰাখিব লাগিব যে কেনে পৰিস্থিতিত মহাকাশচাৰীসকলে থাকিবলগীয়া হয়। সংগমৰ সময়ত সৃষ্টি হোৱা শাৰীৰিক উত্তেজনা পৃথিৱীত থকা সময়ত নিয়ন্ত্ৰণ কৰা সহজ। ৰক্তচাপ বা হৰম’নৰ উত্থান-পতন, সকলোৱে শৰীৰৰ নিজস্ব নিয়মত কাম কৰে; কিন্তু মহাকাশত সেইবোৰ কিমান নিৰাপদ তাক লৈ প্রশ্নচিহ্ন আছে।






























