GST Council:
নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ পৌৰোহিত্যত অনুস্থিত হোৱা জিএছটি পৰিষদৰ বৈঠকে জিএছটিৰ হাৰ দুটা কৰাৰ অনুমোদন জনোৱাৰ ফনস্বৰূপে বিলুপ্ত হ’ব জিএছটিৰ ১২ আৰু ২৮ শতাংশৰ হাৰ৷ তাৰ বিপৰীতে দেশত বাহাল থাকিব জিএছটি ৫ ৰ পৰা ১৮ শতাংশ হাৰ ৷ ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব নতুন নিৰিখ।
কালি নিশা বিত্তমন্ত্ৰী গৰাকীয়ে জিএছটিৰ হাৰ হ্ৰাসৰ ঘোষণাৰ পিছতে দেশত প্ৰথমবাৰৰ বাবে হোৰাহোৰে কমিছে সামগ্ৰীৰ দাম। কাৰ্যত: মধ্যবিত্তৰ বাবে বৃহৎ সকাহ হিচাপে বিবেচিত হৈছে ।
# কি কি সামগ্ৰীৰ দাম কমিব:
মৌ,চকলেট পনীৰ, ভাৰতত প্ৰস্তুত কৰা ব্ৰেড,পেকেট গাখীৰ ৷ ৩৩ বিধ জীৱনদায়িনী ঔষধৰ লগতে ঘিউ, ডায়েৰী প্ৰডাক্টৰ নমকীন, ভুজিয়া, মিক্সাৰ, পেন্সিল, ছাপনাৰ, ক্রেয়নছ, নোটবুক,চুলিত ঘহা তেল, চেম্পো, টুথপেষ্ট, ছেভিং ক্ৰীম টুথব্রাছ, বাটাৰ,জৈৱ কীটনাশক,ট্ৰেক্টৰৰ টায়াৰ, পাৰ্টছ, ট্ৰেক্টৰ,ব্যক্তিগত স্বাস্থ্য আৰু জীৱন বীমাতো শূন্য জিএছটি ,ৱাছিং মেছিন,এলএডি টিভি, এচি, ১২০০ চিচি তলৰ চাৰিচকীয়া বাহন,চিমেন্ট, মনিটৰ, প্ৰজেক্টৰ,চিমেণ্ট আৰু অটোমোবাইল পার্টছ ৷
# কি কি সামগ্ৰীৰ দাম বাঢ়িব:
চিগাৰেট, অতি বিলাসী গাড়ী,গুটখা,পাণমচলা,ফলৰ ৰস আৰু ব্যক্তিগতভাৱে ব্যৱহ্ত হেলিকপ্টাৰৰ জিএছটি ৪০ শতাংশলৈ বৃদ্ধি কৰা হৈছে।






























