Daily Horoscope :✒️মেঘঃ ব্যৱসায়ত লাভৰ মাত্রা বৃদ্ধি পাব। স্বাস্থ্য সম্পর্কে সাৱধান হ’ব। অধ্যয়নত মনোনিৱেশ কৰা বাঞ্ছনীয়। বিয়াবাৰুৰ কথাত আগনবঢ়াই ভাল। শুভ ৰং হালধীয়া।
বৃষঃ পৈতৃক সম্পত্তি সম্পর্কীয় কথাই মনত আনন্দ দিব। চাকৰিত সাফল্য লাভৰ যোগ। প্ৰেমত সাৱধান হ’ব। স্বাস্থ্য মধ্যমীয়া। শুভ ৰং বগা।
মিথুন: মানসিক অশান্তি ভুগিব পাৰে। বিবাহত সমস্যাৰ সন্মুখীন হ’ব। কৰ্মত নতুন পৰিকল্পাৰ আৱশ্যক. চাকৰিয়ালৰ শুভ। শুভ ৰং ৰঙা।
কর্কট: অংশীদাৰী ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা। প্ৰেমত নতুন প্রস্তাৱ আহিব। অধ্যয়নত নিৰোৎসাহ হোৱাৰ যোগ। শুভ ৰং ক’লা।
সিংহ: পুৰণি ৰোগৰ উপশম হ’ব। ব্যৱসায়ভিত্তিক উত্থান-পতনে আর্থিক লাভৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। প্ৰেমত আনন্দ। বিদ্যাত সাফল্য। শুভ ৰং মেৰুণ।
কন্যা: পিতৃ-মাতৃৰ প্ৰতি দায়িত্ব বাঢ়িব। ব্যৱসায়ত বাধাৰ সন্মুখীন হ’ব পাৰে। পঢ়া-শুনাত চেষ্টা অব্যাহত ৰাখক। পিতৃ-মাতৃৰ প্ৰতি দায়িত্ব বাঢ়িব। শুভ ৰং সেউজীয়া।
তুলা: মহিলাসকলে গৃহ উদ্যোগত লাভ কৰিব। সন্তানৰ ভালেই যাব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো শুভ। মনোবল ৰাখিব। শুভ ৰং বগা।
বৃশ্চিক: সন্তানৰ ব্যক্তিত্বই আপোনাক গৌৰৱান্বিত কৰিব। কর্মক্ষেত্রত সৰু সুৰা সমস্যাৰ সন্মুখীন হ’ব পাৰে। ঘৰুৱা শুভ। প্ৰেমত বাধা। শুভৰং হালধীয়া।
ধনু: বেপাৰ-বাণিজ্যত জড়িতসকলৰ সৰু সুৰা বাধা আহিব। কাম-কাজত নিয়মাৱৰ্তী হ’বলৈ চেষ্টা কৰক। বিদ্যাত জটিলতা প্রেমত আনন্দ প্রাপ্তি। শুভ ৰং কমলা।
মকৰ: চাকৰিৰ ক্ষেত্ৰত সতর্ক হৈ চলা ভাল। আর্থিক দিশত উন্নতি লাভকৰিব। বিবাহৰ যোগাযোগ। প্রেমত মধ্যম। শুভ ৰং নীলা।
কুম্ভ: চাকৰিত সাফল্য লাভৰ যোগ। বিদ্যাত খুব এটা বেয়া নহয়। পেটৰ অসুখে আমনি দিব পাৰে। প্ৰেমত শুভ। শুভ ৰং হালধীয়া।
মীন: বেপাৰ-বাণিজ্যত জড়িতসকলৰ সৰু সুৰা বাধা আহিব। কাম-কাজত নিয়মাৱৰ্তী হ’বলৈ চেষ্টা কৰক। প্রেমত আন্দন, বিদ্যাত বাধা। শুভ ৰং ৰঙা।


































