Btc Election:
সমাগত বিটিচি পৰিষদীয় নিৰ্বাচন। নিৰ্বাচনী প্ৰচাৰত ব্যস্ত সকলো ৰাজনৈতিক দল। তাৰ মাজতে ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিত প্ৰাক নিৰ্বাচনী হিংসা আৰম্ভ হৈছে। বিটিচিৰ ৭ নং ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চোকাপাৰা গাঁৱত থকা জিএছপিৰ অস্থায়ী নিৰ্বাচনী কাৰ্যালয়ত যোৱা নিশা কোনো দুষ্টচক্ৰই অগ্নিসংযোগ কৰে। উক্ত ঘটনাক লৈ সমগ্র অঞ্চলত তীব্র চাঞ্চল্যই বিৰাজ কৰিছে। উক্ত ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ জিএছপিৰ প্ৰাৰ্থী সুকুমাৰ দেবনাথে কয় যে বিৰোধী পক্ষই হাতাশাত ভূগি এনে দুষ্কাৰ্য সংঘটিত কৰিছে। আৰক্ষী প্ৰশাসনক দোষীক অতিশীঘ্রে কৰায়ত্ত কৰি উচিত শাস্তি দিবলৈ দাবী জনায় সুকুমাৰ দেবনাথে।






























