Nepal protest:✒️নেপালত ৰক্তাক্ত সংঘৰ্ষ। চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে তৰুণ প্ৰজন্ম। প্ৰতিবাদ-বিক্ষোভত উত্তাল সমগ্ৰ দেশ । এনে বিপদজনক পৰিস্থিতিত কাঠমাণ্ডু বিমানবন্দৰত আবদ্ধ হৈ আছে কমেও ৪০০ ভাৰতীয়।
অগ্নিগৰ্ভ পৰিস্থিতিত আতংকিত হৈ পৰিছে তেওঁলোক। সূত্ৰ অনুসৰি নেপালত আৱদ্ধ ভাৰতীয়সকলক ঘূৰাই অনাৰ বাবে বিশেষ বিমানৰ ব্যৱস্থা কৰাৰ পথত কেন্দ্ৰ ।
দেশজোৰা প্ৰতিবাদৰ বাবে বন্ধ হৈ পৰিছে কাঠমাণ্ডু বিমানবন্দৰ। ফলত নেপালত ভাৰতীয়ৰ উভতি অহাত বাধাৰ সৃষ্টি হয়। নেপাল ভ্ৰমণলৈ অহা কেবাজনো পৰ্যটক আতংকিত হৈ পৰিছে।
নেপালত আবদ্ধ হৈ থকা ভাৰতীয় ভলীবল খেলুৱৈ উপাছানা গিলে আৱদ্ধ ভাৰতীয়ক জৰুৰীভাৱে উদ্ধাৰ কৰিবলৈ ভাৰতীয় দূতাবাসক আহ্বান জনাইছে।
সূত্ৰ অনুসৰি, নেপালত আবদ্ধ ভাৰতীয়ক উদ্ধাৰৰ বাবে কেন্দ্ৰই চিন্তা-চৰ্চা কৰিছে। নেপালৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ আছে বহু ভাৰতীয়। কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে তেওঁলোকক উদ্ধাৰৰ বাবে নেপালী সেনাৰ স’তে যোগাযোগ কৰিছে।
ভাৰতীয়ক ঘূৰাই অনাৰ বাবে নতুন দিল্লীৰ পৰা ভাৰতীয় বায়ুসেনাৰ দুখন বিমান নেপাললৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে। বৃহস্পতিবাৰে দুয়োখন বিমান নেপাললৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছে।






























