Fake Note Seized in Nalbari:নলবাৰীত উঠিছে টকাৰ উজান,ওলাইছে বাণ্ডিলে বাণ্ডিলে টকা !
পুৱাতে নৈত ওলাল বাণ্ডিলে বাণ্ডিলে টকা ৷ উটি অহা পাঁচশটকীয়া নোট দেখি কণকণ শিশুৰ মাজত লাগিল হেতাওপৰা ৷ শিশু সকলে সংগ্ৰহ কৰা নোট সমূহ লৈ গৃহাভিমুখী হৈ অভিভাৱক টকা পোৱাৰ কথা বিৱৰি কয় ৷ আনহাতে টকা উজান উঠাৰ খবৰ গঞাৰ মাজত বিয়পি পৰাত সকলো আহি উপস্থিত হয় নৈৰ পাৰত ৷ নোট সমূহ লিৰিকিবিদাৰি দেখে যে নোট সমূহ নকল টকা। পিছত আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ নকল পাঁচশটকীয়া নোট সমূহ উদ্ধাৰ কৰে নলবাৰীৰ মুকালমুৱাৰ শিয়ালমাৰীত নৈত।ইতিমধ্যে জব্দকৃত নকল নোট সমূহ গণনা কৰি ভাগৰি পৰিছে আৰক্ষী ৷
আৰক্ষীৰ সন্দেহ কোনো জাল নোটৰ সৰবৰাহকাৰীয়ে সৰবৰাহৰ বাবে মজুত কৰি ৰাখিছিল নোট সমূহ ৷ কিন্তু আৰক্ষীৰ বেহুত পৰাৰ ভয়ত এনেদৰে শিয়ালমাৰীত নৈত পেলাই থৈ যায় ৷ জাল নোটৰ সন্দৰ্ভত নলবাৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত I






























