BTC Election:
আজি বিটিচি নিৰ্বাচনৰ ভোটগ্রহণ ৷ ব্যাপক নিৰাপত্তা বেষ্টনীত পুৱা ৭ ৩০ বজিৰ পৰা আৰম্ভ হয় ভোটগ্ৰহণ। বিটিৰ মুঠ ৩,৩৫৯টা ভোটগ্রহণ কেন্দ্রত প্ৰখৰ ৰ’দকো নেওচি পুৱাৰে পৰা ভোটাৰ সকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে দীঘলীয়া শাৰি পাতি থকা পৰিলক্ষিত হয় ৷
বিটিচিৰ ৫ খন জিলাৰ প্ৰায় ২৬ লাখ ৫৮ হাজাৰ ১৫৩গৰাকী ভোটাৰে ৪০ টা সমষ্টিত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা ৩১৬ গৰাকী প্রার্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷ নিৰ্বাচনী যুঁজ খন মুলত: সীমাবদ্ধ থাকিব বিজেপি,বিপিএফ আৰু ইউপিপিএলৰ মাজত ৷
উল্লেখ্য যে,শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰাভিযান চলি থকাৰ মাজতে অসমৰ হিয়াৰ আমঠু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ছিংগাপুৰৰ আকস্মিক বিয়োগৰ খবৰ লাভ কৰাৰ পিছতে কোকোৰাঝাৰত নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থকা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ অভিযান আধাতে সামৰি গুৱাহাটীলৈ উভতি আহে ৷ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে শুকুৰবাৰৰ বিয়লীৰ পৰা বিজেপি দলে প্ৰচাৰ নচলায় বুলি ঘোষণা কৰে ৷ একেদৰে আন আন দল সমূহেও জুবিনৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰি প্ৰচাৰাভিযান শুকুৰবাৰে বিয়লিৰ পৰাই বন্ধ ৰাখিছিল ৷
ADVERTISEMENT






























