Horoscope:✒️মেষ: মহাসপ্তমী তিথিত ব্যস্ততা বৃদ্ধি পাব। শ্রীশ্রী দুর্গাদেৱীক পদুম ফুলেৰে অঞ্জলি প্ৰদান কৰিব। গুলপীয়া বস্ত্ৰ পৰিধান কৰিলে শুভ হ’ব।
বৃষ: পূজা স্থাপনাত তিনি গছি চাকি জুলাব। দেৱী-মাক মিঠা বস্তু ভোগ দিব। হালধীয়া বস্ত্ৰ পৰিধান কৰিলে শুভ হ’ব। পদুম ফুল আৰু জবা ফুলেৰে অঞ্জলি দিব। পূজা চলি থকা সময়ত ক’লা বস্ত্ৰ পৰিধান নকৰিব।
মিথুন: শুভ ৰং ৰঙা। ১০৮ টা জবা ফুলৰ মালা দুর্গা দেৱীক অর্পণ কৰিব। ৰঙা ফুলেৰে অঞ্জলি দিব।
কর্কট: আজি দেৱীৰ মহাসপ্তমী পূজা। আজি চন্দন মিশ্ৰিত পানীৰে স্নান কৰিব। আজি তাল খোৱা নিষিদ্ধ। দেৱীক অঞ্জলি প্ৰদানৰ সময়ত ৰঙা নাইবা হালধীয়া বস্ত্র পৰিধান কৰিলে শুভ।
সিংহ: আনন্দৰে পূজা স্থলীত উপস্থিত থাকক আৰু দেৱীৰ চৰণত শ্রদ্ধা, ভক্তি নিবেদন কৰক।
কন্যা: আজি ঘৰত আলহী আগমন হ’ব। কিন্তু নিৰামিষ খাদ্য গ্রহণ কৰিব। সপ্তমী পূজাত বগাফুল আৰু নীলা ফুলেৰে অঞ্জলি দিব। টেঙা জাতীয় বস্তু নোখোৱাই ভাল। বগা আৰু নীলা শুভ ৰং।
তুলা: সন্তানৰ সাফল্য। আর্থিকত ভাল। ৰাজহুৱা অনুষ্ঠানত যোগদান। খাদ্য নিয়ন্ত্ৰণ কৰিব। নিৰামিষ আহাৰ গ্ৰহণ কৰিব। নিমপাত, কেৰেলা নাখাব। ১০ টা পদুম ফুল দুর্গা মাতাক অর্পণ কৰিব লগতে মৌ-জল দিব। গুলপীয়া ৰং শুভ।
বৃশ্চিক: পূজাত বগা চন্দন আৰু অগৰু সুগন্ধী দান দিব। ৰঙা বস্ত্ৰ পৰিধান কৰি পূজাত অংশগ্ৰহণ কৰিব। অঞ্জলিত পদুম ফুল অৱশ্যে থাকিব।
ধনু: দুর্গা পূজাৰ পুৰোহিতক ‘শ্রীশ্রী চণ্ডী মহাত্ব’ আৰু লগুণ দান দিব।
মকৰ : ৰাতিপুৱা গৃহৰ উত্তৰ-পূব দিশত সাত গছি চাকি জ্বলাব। পদুম ফুলেৰে দুর্গা পূজাত অঞ্জলি দিব। আজি তিতা নাখাব।
কুম্ভ: পূজা মণ্ডপত যোৱাৰ আগতে মন্দিৰ দৰ্শন কৰিব। আজি পূজাত সাত বিধ ফল দিব। উপবাসে থাকি অঞ্জলি দিব।
মীন: বাসন্তী ৰঙৰ বস্ত্ৰ পূজাত দান দিব পাৰে। ১০৮ টা পদুম ফুলৰ মালা অর্পণ কৰিব। উপবাসে থাকি অঞ্জলি দিব।






























