Horoscope:✒️মেষঃ এই ৰাশিৰ জাতক-জাতিকাৰ দিনটো বৰ ভাল বুলি ক’ব নোৱাৰি। পৰিয়ালৰ কোনোবা অসুস্থতাৰ কাৰণে অর্থ ব্যয় হ’ব। শুভ ৰং বগা, শুভ সংখ্যা ২।
বৃষ: আর্থিক ক্ষেত্রত উন্নতি ঘটিলেও বাহেৰে ধৰি ৰাখিব। চাকৰিয়ালৰ কাৰণে দিনটো শুভ। প্ৰেমত শুভ। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৮।
মিথুন: কর্মক্ষেত্রত অমনোােগ দেখা দিব, মানসিক চিন্তা থাকিব। ব্যৱসায়ত মধ্যম। প্রেমত অশুভ ফলদায়ক। শুভ ৰং নীলা। শুভসংখ্যা ২।
কর্কট: আজি দিনটোত পৰিশ্ৰম অনুযায়ী ফল নাপাব। মূৰৰ যন্ত্ৰণাত ভুগিব পাৰে, বিদ্যার্থীসকলে পঢ়া-শুনাৰ বিষয়ে গুৰুত্ব দিব লাগিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।
সিংহ: আর্থিক ক্ষেত্রত উন্নতি ঘটিলেও ক্ষতিও হোৱাৰ সম্ভাৱনা প্ৰমাণৰ যোগ দেখা যায়। বিদ্যাত শুভ। শুভ ৰং সেউজীয়া। শুভসংখ্যা ৪।
কন্যা: ঘৰুৱা কাজিয়া পেচালৰ কাৰণে মন বিক্ষিপ্ত থাকিব। যান-বাহনৰ ক্ষেত্ৰত সাৱধান থাকিব। আর্থিক ক্ষেত্রত ভালেই দেখা যায়। শুভ ৰং ৰঙা, শুভ সংখ্যা ৭।
তুলা: পুৰণি প্রাপ্যধন প্রাপ্তিৰ যোগ দেখা যায়। বিদ্যার্থীসকলে ভবা মতে ফল নাপাব। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৯।
বৃশ্চিক: কর্মক্ষেত্রত শত্ৰুৰ পৰা সাৱধান থাকিব। ভ্ৰমণৰ যোগ দেখা যায়। অসুস্থতাৰ কাৰণে কিছু অর্থ ব্যয় হ’ব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮।
ধনু: ব্যৱসায়ৰ ক্ষেত্ৰতো ভাল দেখা নাযায়। বন্ধুৰ পৰা সাৱধানে থাকিব। দিনটোত খৰচৰ মাত্রাবৃদ্ধিৰ ফলত মানসিক চিন্তা থাকিব। শুভ ৰং নীলা। শুভ সংখ্যা ১।
মকৰ : কৰ্মক্ষেত্ৰত নানা ভুল ভ্রান্তি হ’ব পাৰে। গতিকে সতর্ক থাকিব। দাম্পত্য আৰু প্ৰেমত বিবাদ বিতর্ক, ব্যৱসায়ৰ ক্ষেত্ৰতো ভাল দেখা নাযায়। শুভ ৰং বগা, শুভ সংখ্যা ২।
কুম্ভ: অনাৱশ্যক খৰচ আৰু ৰাগ-খং বৃদ্ধি হ’বলগীয়া পৰি থকা কাম আজি নতুনকৈ আৰম্ভ কৰিব পাৰিব। প্ৰেমত শুভ। শুভ ৰং ক’লা, শুভ সংখ্যা ১।
মীন: ব্যৱসায়ত মধ্যম। ভ্ৰমণৰ যোগাযোগ। ঘৰৰ কৰ্মওত ব্যস্ততা থাকিব। বন্ধুৰ লগত মনোমানিল্য দেখা যায়। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৮।































