Horoscope:✒️মেষ: প্রত্যক্ষভাৱে কাৰ্য সিদ্ধি হ’ব। ব্যৱসায়ত উন্নতি। ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ ব্যস্ততা। ভ্রমণ কৰোতে গণেশৰ নাম স্মৰণ কৰক। শুভৰং হালধীয়া। শুভ সংখ্যা ৬।
বৃষ: পৰিশ্ৰম বৃদ্ধি হ’ব। অর্থ লাভ, ভ্রমণত শুভ। অন্ধবিশ্বাসৰ পৰা আঁতৰত থাকক। শুভ ৰং নীলা। শুভ সংখ্যা ২।
মিথুন: কর্মব্যস্ততা বৃদ্ধি, সন্মান লাভৰ যোগ। কৰ্তব্যৰ প্ৰতি নিষ্ঠা থাকিব। গোপন শত্রু বৃদ্ধি পাব পাৰে। ভ্রমণ পূব দিশৰ পৰা কৰিব। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৯।
কর্কট: মাংগলিক কামত তৎপৰতা বৃদ্ধি। কার্যক্ষেত্রত মধ্যম ফল পাব। প্ৰেমত শুভ। দূৰ সংযোগৰ পৰা আনন্দিত হ’ব। শুভ ৰং মুগা, শুভ সংখ্যা ৫।
সিংহ: কর্মক্ষেত্রত উন্নতি। জেদভাৱ ত্যাগ কৰক, অন্যথা ক্ষতি হ’ব পাৰে। গোপন শত্রু বৃদ্ধি। অর্থ লাভ। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৩।
কন্যা: কৰ্তব্যৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি। ব্যৱসায়ত উন্নতিৰ যোগ। খৰচ বৃদ্ধি। শুভ ৰং সোণালী, শুভ সংখ্যা ৪।
তুলা: সম্মান বৃদ্ধি, ভ্রমণ কৰোতে সাৱধান হওক। কর্মত উন্নতি, নিবনুৱাৰ কৰ্ম সংস্থাপন। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১।
বৃশ্চিক: ৰাজনীতিক, শিল্পী, সাংবাদিকৰ সুখ্যাতি। কর্মত কিছু জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে। শুভ সংখ্যা ৭, শুভ ৰং গুলপীয়া।
ধনুঃ কর্মব্যস্ততা বৃদ্ধি পাব। গণেশৰ নাম স্মৰণ কৰক। বিদ্যাত শুভ। দূৰ ভ্ৰমণৰ যোগ। শুভ ৰং বগা, শুভ সংখ্যা ৮।
মকৰ: বিবাহৰ যোগ আছে। আয়-ব্যয় সমান। ভ্রমণত মধ্যম। কর্মত উন্নতি। নতুন বাহন ক্ৰয় কৰিব পাৰিব। শুভ ৰং সোণালী, শুভ সংখ্যা ২।
কুম্ভ: ফুৰা-চকাত সতর্ক হওক। কর্মস্থানত উন্নতি বৃদ্ধি। বন্ধুৰ পৰা উৎসাহ পাব। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৩।
মীন: অর্থ লাভ, আশাবাদী চিন্তাত ব্রতী থাকিব। সন্মান বৃদ্ধি, নতুন যোগাযোগে অধিক আনন্দ দিব। শুভ ৰং বগা, শুভ সংখ্যা ৮।































