Horoscope:✒️মেষ: কৰ্মস্থানত শুভ। ৰাজনীতিৰ লগত জড়িত ব্যক্তিয়ে বলিষ্ঠ পদক্ষেপ ল’ব পাৰিব। পাৰিবাৰিক মধ্যম, বিদ্যাত শুভ। শুভ ৰং মেৰুণ। শুভসংখ্যা ৩।
বৃষ: মাটি সম্পত্তি ক্ৰয় কৰিব পাৰিব। ব্যৱসায়ত মধ্যম। বিদ্যাত বাধাৰ সম্মুখীন হ’ব পাৰে। পৰিৱেশ অস্থিৰ। শুভ ৰং নীলা। শুভ সংখ্যা ৬।
মিথুন: মাটি-বাৰীৰ লেঠা শেষ হ’ব। পুৰণি ৰোগে কষ্ট দিব পাৰে। কৰ্মত মধ্যম, ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ শুভ। ভ্ৰমণৰ যোগ। শুভ ৰং ৰূপালী। শুভ সংখ্যা ২।
কর্কট: হতাশা দূৰ হ’ব। কর্মস্থানত সাৱধান হওক। বন্ধুৰ পৰা আঁতৰত থাকক, হাতলৈ ধন আগমন হ’ব। প্ৰেমত মধ্যম। শুভ ৰং বগা। শুভসংখ্যা ১।
সিংহ: দৃঢ় মত পোষণ কৰি আনন্দিত হ’ব। কৰ্মত শুভ। পাৰিবাৰিক কিছু সমস্যা থাকিব। শিৱৰ মন্ত্ৰ স্মৰণ কৰক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।
কন্যা: নতুন কর্ম সংস্থানৰ বাট মুকলি হ’ব। প্রেমত জটিলতা আহিব পাৰে। ওচৰ-চুবুৰীয়াৰ লগত মিলিজুলি থাকিব। বিদ্যাত মধ্যম। শুভৰং ক’লা, শুভ সংখ্যা ৩।
তুলা: বন্ধুৰ দ্বাৰা উপকৃত হ’ব। কৰ্ম আৰু আৰ্থিকত শুভ। সন্মান বৃদ্ধি, আনক সহায় কৰিব আনন্দিত হ’ব। শুভ ৰং মুগা। শুভ সংখ্যা ৮।
বৃশ্চিক: কৰ্মস্থানত নীৰৱতা অৱলম্বন কৰক। পাৰিবাৰিক উৎকণ্ঠা বৃদ্ধি। সামাজিক স্থিতি উন্নত। ব্যয় বৃদ্ধি। শুভ ৰং মাখন। শুভ সংখ্যা ৪।
ধনু: বিদ্যাৰ প্ৰতি নজৰ দিব। শাৰীৰিক মধ্যম। মনৰ অস্থিৰতা দূৰ কৰক। বন্ধুৰ পৰা লাভ হ’ব। আর্থিকত শুভ। ব্যয় কম। শুভ ৰং ৰঙা। শুভসংখ্যা ৯।
মকৰ: কোনো প্ৰভাৱশালী ব্যক্তিৰ পৰা পদোন্নতি হ’ব। শৰীৰৰ প্ৰতি যত্ন ৰাখক। আঁকোৰ-গোঁজ মনোভাব নাৰাখিব। শুভ ৰং সেউজীয়া। শুভসংখ্যা ৭।
কুম্ভ: কর্মস্থানত ব্যস্ততা বাঢ়িব। সন্মান বৃদ্ধি। মাটি-গাড়ী ক্ৰয় কৰিব পাৰিব। দাম্পত্যত মধ্যম। মানসিক চিন্তাৰ পৰা আঁতৰত থাকক। শুভৰং গুলপীয়া। শুভ সংখ্যা ৬।
মীন: অর্থ লাভ। কৰ্মত মধ্যম। মনৰ দৃঢ়তা ৰাখক। ধৰ্মস্থান ভ্রমণ কৰিব পাৰিব। বিদ্যাত শুভ। পাৰিবাৰিক মধ্যম। শুভ ৰং বগা। শুভ সংখ্যা ৩।




































