TigerShroff : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দেওবাৰে মুম্বাইত সন্ধিয়াতে দুর্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হ’ল অভিনেতা টাইগাৰ শ্রফ। কালি সন্ধিয়া মুম্বাইৰ জুহু অঞ্চলত তেওঁৰ বিলাসী বাহনলৈ মটৰ চাইকেলত অহা এটা তিনিজনীয়া দলে গুলিবর্ষণ কৰি নিৰ্বিঘ্নে আঁতৰি যায়। এই গুলিবর্ষণত টাইগাৰৰ দৈৱক্ৰমেহে প্রাণ ৰক্ষা পৰে।
আক্ৰমণটোত তেওঁৰ গাড়ীচালকজনসহ দুজন আহত হয়। আনজন এজন ব্ল’গাৰ। তেওঁৰ নাম উমেশ চাৱন বুলি মুম্বাই আৰক্ষীয়ে প্রকাশ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, অভিনেতাজনে সন্ধিয়া এক ফুটবল খেলপথাৰৰ পৰা নিজ গাড়ীৰে উভতি অহাৰ সময়ত আক্রমণটো সংঘটিত হয়।
তিনি-চাৰিটা গুলিয়ে তেওঁৰ গাড়ীত আঘাত হানে। স্বাভাৱিকতে ঘটনাটোক লৈ দেশজুৰি আলোড়নৰ সৃষ্টি হোৱাৰ সময়তে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে কুখ্যাত লৰেন্স বিষ্ণই গেঙে। নিজকে লৰেন্স বিষ্ণই গেঙৰ বুলি দাবী কৰি নিশা অনিল পণ্ডিত নামৰ এজন লোকে এটা ভিডিঅ’ শ্বেয়াৰ কৰি এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে।
ভিডিঅ’টোত তেওঁ কয়, ‘টাইগাৰ আমাৰ হিটলিষ্টত আছে। কাৰণ তেওঁ আমাৰ নিৰ্দেশ অমান্য কৰি ছলমান খানৰ স’তে কাম কৰি আছে।’
উল্লেখ্য যে সম্প্ৰতি লৰেন্স গুজৰাটৰ এখন কাৰাগাৰত বন্দী হৈ আছে। আনহাতে, এই গুলিবর্ষণত পুত্র আঘাতপ্রাপ্ত নোহোৱাৰ কথা প্রকাশ কৰি টাইগাৰৰ অভিনেতা পিতৃ জেকী শ্রফে কয়, ‘সকলো ঠিকেই আছে। তেওঁ আঘাত পোৱা নাই। তেওঁৰ গাড়ীচালকজনে এখন হাতত আঘাত পালে।’
উল্লেখ্য যে টাইগাৰে ছলমানৰ স’তে কোনো পূর্ণ দৈৰ্ঘ্যৰ ছবি কৰা নাই। তৎসত্ত্বেও দুয়োৰে মাজত ছবিজগতকেন্দ্ৰিক সম্পৰ্ক আছে। আজি টাইগাৰৰ ওপৰত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি লৰেন্স বিষ্ণই গেঙৰ লোকজনে লগতে কয়, ‘ছবি উদ্যোগৰ কোনোবাই ছলমানৰ স’তে কাম কৰিলে সাৰি নাযায়। আমি তেওঁক হত্যা কৰিম আৰু এয়া হৈছে আমাৰ প্ৰথম আৰু শেষ সকীয়নি। ছলমান খান হৈছে ডাউদ ইব্রাহিমৰ কুকুৰ। আৰু আমি ঘৰত ডাউদৰ নামেৰে এটা কুকুৰ পুহিছো।’
ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে বুলি মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰিছে। নিশা আৰক্ষীয়ে ঘটনা সংক্রান্তত এজন লোকক আটক কৰে। অভিনেতাজনক আক্ৰমণৰ নিন্দা কৰি মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্রী একনাথ শিণ্ডেই বিগত শতিকাৰ ‘৯০ৰ দশকত যিদৰে মুম্বাই আৰক্ষীয়ে অন্ধকাৰ জগতক নিঃশেষ কৰিছিল তেনেদৰে তেওঁৰ দিনতো মুম্বাইত বিচৰণ কৰা অন্ধকাৰ জগতক সম্পূৰ্ণৰূপে উৎখাত কৰা হ’ব বুলি হুংকাৰ দিছে।




























