FranceProtests :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : নির্বাচনী ব্যৱস্থা সংস্কাৰৰ দাবীত ভাৰত উত্তাল হৈ থকাৰ সময়তে সাধাৰণ জনতাৰ প্ৰতিবাদে সম্প্রতি ইউৰোপৰ পৰা আমেৰিকালৈ বহু দেশ কঁপাই গৈছে। চলিত বৰ্ষৰ বাজেটত শিক্ষা শিতানত ব্যয় হ্রাস, খাদ্যবস্তুৰ অত্যধিক মূল্যবৃদ্ধি আদিক লৈ গঢ়ি উঠা প্রতিবাদে সম্প্রতি ফ্রান্সত জটিল ৰূপ ধাৰণ কৰিছে।
এনে অৱস্থাতে চৰকাৰী নীতিৰ বিৰোধিতাৰে প্ৰবল প্রতিবাদ গঢ় লৈ উঠিছে ইটালী, পর্তুগাল, বেলজিয়াম, আমেবিকা যুক্তৰাষ্ট্ৰ আদিতো। শনিবাৰে ফ্ৰান্সৰ ৰাজপথলৈ পাঁচ লক্ষ ৫০ হেজাৰৰো অধিক লোক ওলাই আহে। ফলত প্রবল জোঁকাৰণিৰ সৃষ্টি হৈছে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ চৰকাৰত। নিৰাপত্তা বাহিনীৰ প্ৰতিবাদ দমনৰ চেষ্টাক ব্যর্থ কৰি লক্ষ লক্ষ লোকে ৰাজধানী পেৰিছসহ সমগ্র দেশ কঁপাই তুলিছে।
নিৰাপত্তা বাহিনীয়ে বহু প্ৰতিবাদকাৰীক আটকো কৰিছে। বহু লোকে বিলাসী মলসমূহত আক্ৰমণ কৰি বয়বস্তু চুৰি কৰিও নিছে। আনকি ঐতিহাসিক কীর্তিচিহ্ন, বিলাসী অট্টালিকা আৰু শ্বপিং মলত উন্মত্ত জনতাই অগ্নিসংযোগো কৰিছে। বাতৰি লিখা পৰলৈকে নিৰাপত্তাৰক্ষীয়ে ১২ শৰো অধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে। এনেদৰে দেশখনৰ চৌদিশে ভয়ংকৰ অৰাজক পৰিৱেশৰ সৃষ্টি হৈছে।
উল্লেখ্য যে ফ্রান্সৰ নতুন আইন অনুসৰি অহাবাৰ নিৰ্বাচনত ৰাষ্ট্ৰপতি মেক্ৰ’ৱে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। অনুৰূপ ধৰণে ইটালীত জর্জিয়া মেল’নী চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাইছে লাখ লাখ লোক। দীর্ঘদিন ধৰি কৰ্মচাৰীৰ বেতন বৃদ্ধি নোপোৱা, ভয়ংকৰ মূল্যবৃদ্ধিৰ ফলত সাধাৰণ জনতাই দুবেলা দুসাঁজ যোগাৰত ব্যর্থ হৈ ৰাজপথলৈ ওলাবলৈ লৈছে। সাধাৰণ লোকৰ এই প্রতিবাদে দেশখনৰ প্ৰাচীন চহৰ মিলানকো কঁপাই তুলিছে। একেদৰে চৰকাৰী নীতিৰ বিৰুদ্ধে বেলজিয়ামতো প্ৰৱল প্রতিবাদ গঢ় লৈ উঠিছে।
ৰাজধানী লিছবনতো লক্ষ লক্ষজনে সমদল কৰিছে। অৱশ্যে দেশখনৰ গৃহমন্ত্রী বার্নার্ড কুইন্টিনে এই প্রতিবাদক বিশুদ্ধ হিংসা আখ্যা দিছে। আলবেনিয়া, তুৰস্ক আৰু আমেৰিকা যুক্তৰাষ্ট্ৰতো ক্রমে জনপ্রতিবাদ গঢ় ল’বলৈ ধৰিছে। এই প্রতিবাদসমূহৰ মূল কাৰণ হৈছে চৰকাৰী নীতি। হঠাতে ইন্ধনৰ প্ৰচুৰ মূল্যবৃদ্ধি, খাদ্যবস্তুৰ চ’ৰা দাম আদিত অতিষ্ঠ হৈ জনতাই ৰাজপথলৈ আহিছে। দীর্ঘদিন ধৰি বেতন বৃদ্ধি নোপোৱাত কৰ্মচাৰীসকলৰ মনত চৰকাৰৰ প্ৰতি প্ৰচণ্ড ক্ষোভৰ সৃষ্টি হৈছে।
কাৰণ তেওঁলোকে ৰাজধানী লিছবনসহ বিভিন্ন মহানগৰত ঘৰ ক্ৰয় বা ভাড়াত ল’ব নোৱৰা হৈছে। এনে অৱস্থাতে দেশখনত ২০১৭ৰ তুলনাত সম্প্রতি খাদ্যবস্তুৰ মূল্য দুগুণলৈ বৃদ্ধি পাইছে। একেদৰে আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে এটা সংগঠনে প্ৰৱল প্রতিবাদ গঢ়ি তুলিছে।
জ্বলি ছাই হ’ল ফ্ৰান্সৰ ঐতিহাসিক টাউন হলো চৰকাৰবিৰোধী প্ৰতিবাদৰ জুইত দগ্ধ হৈছে ফ্ৰান্সৰ ঐতিহাসিক কীৰ্তিচিহ্নও। যোৱা শতিকাৰ দুখনকৈ বিশ্বযুদ্ধ আৰু এডলফ হিটলাৰ নেতৃত্বাধীন নাজী বাহিনীৰ আক্ৰমণৰ সময়তো ক্ষতি নোহোৱা ফ্ৰান্সৰ ১৪৩ বছৰ পুৰণি টাউন হলো এই প্রতিবাদত ধূলিৰ লগত মিহলি হ’ল। দেশখনৰ লীম’জ চহৰস্থিত এই ঐতিহাসিক অট্টালিকাত কালি একাংশ উন্মত্ত প্রতিবাদকাৰীয়ে অগ্নিসংযোগ কৰে। ফলত অট্টালিকাটোৰ দুই-তৃতীয়াংশই জুলি ছাই হৈছে।
শনিবাৰৰ পৰা ৰাজপথলৈ ওলোৱা প্ৰতিবাদকাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে একাংশই টাউন হলত অগ্নিসংযোগ কৰে। মুহূৰ্তৰ ভিতৰতে অট্টালিকাটো দদপাই জুলি ইয়াৰ সিংহভাগ ধূলিৰ লগত মিহলি হয়। উল্লেখ্য যে ১৯৪০ত এই অট্টালিকাতে ফ্রান্সে বেলজিয়ামৰ তদানীন্তন নির্বাসিত চৰকাৰকো আশ্রয় দিছিল। কেৱল এই অট্টালিকাই নহয়, আন বহু অট্টালিকাতো প্রতিবাদকাৰীসকলে অগ্নিসংযোগ কৰে। আনকি উন্মত্ত প্রতিবাদকাৰীয়ে বহু যানবাহনতো অগ্নিসংযোগ কৰিছে। গতিকে পৰিস্থিতি ১৭৮৯ৰ ফৰাচী বিপ্লৱসদৃশ হৈছে।




























